Internal conflict of Assam BJP: সাধাৰণ কৰ্মী হিচাপে দলত থাকিব জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইয়ে - জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰ পদত্যাগ
🎬 Watch Now: Feature Video
নগাঁও, 18 আগষ্ট: ৰাজ্যৰ ৰাজনীতিত সৰ্বত্ৰে চৰ্চা চলিছে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰ পদত্যাগ সন্দৰ্ভত ৷ শেহতীয়াকৈ নিজৰ পদত্যাগ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ খুলিছে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইয়ে । সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গোহাঁয়ে কয়, "বহু কষ্ট কৰি আমি দল গঠন কৰিছোঁ । মই দলত্যাগ নকৰো । মোৰ যি ক'ব লগা আছে আপোনালোকৰ জৰিয়তেই ক'ম ।"
নগাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হওঁতে সংবাদ মাধ্যমৰ আগত গোহাঁইয়ে পুনৰ কয়, "গুৱাহাটীত সংবাদ মাধ্যমক সকলো অৱগত কৰিম । দলত থাকিম সাধাৰণ কৰ্মী হিচাপে । কিন্তু কেবিনেট মৰ্যাদা মই ত্যাগ কৰিম । তৃণমূল কৰ্মীৰ মাজত অসন্তুষ্টি হ'ব পাৰে মোৰ এই সিদ্ধান্তৰ ফলত ।" গুৱাহাটীলৈ ৰাওনা হোৱাৰ সময়ত এই মন্তব্য প্ৰকাশ কৰে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাইয়ে ৷
লগতে পঢ়ক: Lobby politics in BJP: একালত আছিল ৰাজ্যিক বিজেপিৰ মেৰুদণ্ড; আজি দলত নাই গুৰুত্ব; বিজেপি এৰিব ৰাজেন গোঁহায়ে !