Bhabesh Kalita Slams Congress: লোকসভা নিৰ্বাচনত কংগ্ৰেছে ডাঙৰ শূণ্য পাবলৈ আগবাঢ়িছে: ভৱেশ কলিতা

By

Published : May 4, 2023, 12:28 PM IST

thumbnail

কামৰূপ, 4 মে’: কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷ কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ ইস্তাহাৰত বজৰংগ দলক নিষিদ্ধকৰণৰ বাবে কৰা ঘোষণাক ধিক্কাৰ ভৱেশ কলিতাৰ ৷ কংগ্ৰেছৰ এই কাৰ্যত এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যিক বিজেপি (Bhabesh Kalita Slams Congress) ৷  

বজৰংগ দল হ’ল প্ৰভু হনুমানৰ ভক্ত, ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰে উদ্বুদ্ধ হোৱা এটা দল ৷ কংগ্ৰেছ ভাৰতীয় সভ্যতা, সংস্কৃতিৰ বিৰোধী ৷ সেয়েহে কংগ্ৰেছৰ এনে কাৰ্যক ধিক্কাৰ প্ৰদান কৰা বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷ লগতে ভাৰতীয় সভ্যতা , সংস্কৃতি ৰক্ষাৰ হকে কাম কৰা বজৰংগ দলক বিৰুদ্ধাচৰণ কৰা কংগ্ৰেছে ইছলামিক মৌলবাদী শক্তিৰ পৃষ্ঠপোষকতা কৰাৰ অভিযোগ সভাপতি ভবেশ কলিতাৰ (BJP Leader Bhabesh Kalita Slams Congress) ৷  

কংগ্ৰেছ অবৈধ বিদেশী নাগৰিকৰ চৰ্দাৰ আখ্যা সভাপতি কলিতাৰ ৷ এটা বিশেষ সম্প্ৰদায়ক তুষ্টিকৰণ কৰিবলৈ কংগ্ৰেছে বজৰংগ দলক নিষিদ্ধ ঘোষণা কৰাৰ দৰে ঘৃণনীয় কাণ্ডত লিপ্ত হৈছে বুলি কয় সভাপতিগৰাকীয়ে ৷ কংগ্ৰেছৰ এনে কাৰ্যক জনতা জনাৰ্দনে নিৰ্বাচনত প্ৰচণ্ড শক্তিৰে ওফৰাই কৰ্ণাটকত বিজেপিৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিব বুলিও মত প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷ লগতে আগন্তক লোকসভা নিৰ্বাচনত কংগ্ৰেছে ডাঙৰ শূণ্য পাবলৈ আগবাঢ়িছে, সেয়েহে কংগ্ৰেছ এতিয়া দিশহাৰা বুলিও মন্তব্য কৰে কলিতাই (Bhabesh Kalita Reaction on Karnataka Election) ৷

লগতে পঢ়ক: Rana Goswami Slams Ajmal: আজমল ভৱিষ্যতে অপ্ৰাসংগিক হৈ পৰিব; ৰাণা গোস্বামী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.