Gamosa controversy: গামোচাক সঁচাকৈয়ে ভাল পালে প্ৰত্যেকৰে ঘৰত এখনকৈ তাঁতশাল থাকিব লাগে: আঙুৰলতা ডেকা - বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী
🎬 Watch Now: Feature Video
গুৱাহাটী, 29 মাৰ্চ: গামোচাখনক আমি কোনোৱে বিকৃত ৰূপত চাব নিবিচাৰোঁ ৷ গামোচাখনক লৈ আমাৰ সকলোৰে চিন্তা এক হোৱা উচিত ৷ গামোচাক লৈ আৰু বিতৰ্ক হ’ব নালাগে ৷ এই মন্তব্য বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ (Angoorlata Deka on on Gamosa controversy) ৷ গামোচা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আঙুৰলতা ডেকাই কয়, ‘‘আমি যদি সঁচাকৈ গামোচাক ভাল পাওঁ তেন্তে প্ৰত্যেকৰে ঘৰত এখনকৈ তাঁতশাল থাকিব লাগে ।’’
উল্লেখ্য যে, অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাক বাংলা সাহিত্য সভাই বিকৃত ৰূপ দিয়াৰ পাচতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ অসমীয়া আৰু বঙালী গামোচা সংলগ্ন কৰি সমন্বয়ৰ প্ৰতীক বুলি অভিহিত কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠন ৷ ৰাজ্যৰ কেইবাখনো থানাত এই কাৰ্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে দল সংগঠনে ৷ সকলোৱে গামোচা বিকৃতকৰণ কাৰ্যক একেমুখে গৰিহণা দি ঠায়ে ঠায়ে প্ৰতিবাদো সাব্যস্ত কৰিছে (Assam Gamosa controversy) ।
লগতে পঢ়ক: Assam Gamosa Controversy : গামোচা বিতৰ্কত দুখ প্ৰকাশ বাংলা সাহিত্য সভাৰ