লাহোৱালত শতাধিক কংগ্ৰেছ-আপ কৰ্মীৰ বিজেপিত যোগদান

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 12:42 PM IST

thumbnail

মৰাণ, ৪ ডিচেম্বৰ : চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পাছতে মোকালবাৰী চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কেইবা শতাধিক কংগ্ৰেছ আৰু আপৰ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে । বিজেপি দিনজয় মণ্ডলৰ উদ্যোগত মোকালবাৰী চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত  সাংগঠনিক সভাখনৰ আৰম্ভণিতে বাইক ৰেলী উলিওৱা হয় । ইয়াৰ পাছতে অনুষ্ঠিত যোগদান কাৰ্যসূচীত লাহোৱালত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত ফুকনৰখাট পঞ্চায়তৰ সভানেত্ৰী মিনু গোৱালাৰ সৈতে কেইবাশ কংগ্ৰেছ কৰ্মীয়ে বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে ।  

ইপিনে, উক্ত পঞ্চায়তৰ বহু সংখ্যক আম আদমীৰ কৰ্মীয়ে এই অনুষ্ঠানতে গেৰুৱা বসন পৰিধান কৰে । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী ঐক্যমঞ্চৰ মূল দল কংগ্ৰেছ আৰু আপৰ কৰ্মী এইদৰে বিজেপিলৈ ঢাপলি মেলা বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । লাহোৱাল সমষ্টিত এতিয়াও আপ আৰু কংগ্ৰেছৰ দখলত থকা সকলো পঞ্চায়তৰ সভাপতিৰ পৰা সক্ৰিয় কৰ্মীক বিজেপিত যোগদান কৰোৱাৰ চেষ্টা অব্যাহত থকা কথা উল্লেখ কৰে বিধায়ক বিনোদ হাজৰিকাই ।

লগতে পঢ়ক:পথ দুৰ্ঘটনা ৰোধৰ বাবে পঞ্চসূত্ৰ মানি চলিবলৈ আহ্বান মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.