বিজেপিয়ে ৫ ৰাজ্যৰ এখনতো চৰকাৰ গঠন কৰিব নোৱাৰে: ভূপেন বৰা - Bhupen Bora on election bound state
🎬 Watch Now: Feature Video
Published : Nov 27, 2023, 5:30 PM IST
|Updated : Nov 27, 2023, 7:03 PM IST
গুৱাহাটী,২৭ নৱেম্বৰ : দেশৰ ৪ খন ৰাজ্যত ইতিমধ্যে নিৰ্বাচন সম্পূৰ্ণ হৈছে । তেলেংগানাত ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । বিজেপিয়ে দাবী কৰা মতে আটাইকেইখন ৰাজ্যতে তেওঁলোকে চৰকাৰ গঠন কৰিব । বিজেপিৰ এই দাবীৰ প্ৰত্যাহ্বান জনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কয় যে বিজেপিয়ে ইয়াৰে এখনো ৰাজ্যত চৰকাৰ গঠন কৰিব নোৱাৰে ।
কিন্তু এই সন্দৰ্ভত তেওঁ বাজি নামাৰে বুলি কয় । কিয়নো তেওঁৰ মতে মন্ত্ৰীসকলে বাজি বহুত টকাৰ মাৰিব আৰু তেওঁ কেৱল পেন্সনটোহে দিব পাৰিব । অৱশ্যে কংগ্ৰেছেও ৫ খন ৰাজ্যতে চৰকাৰ গঠন কৰিব বুলি তেওঁ নিশ্চিতকৈ ক'ব নোৱাৰে । আনহাতে বদৰুদ্দিন আজমলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু গৌৰৱ গগৈয়ে মুছলমান ভোট লৈ জয়ী হোৱা বুলি কৰা মন্তব্যৰ প্ৰসংগত তেওঁ কয়, "কংগ্ৰেছ এনে এটা দল যি দলে জন্মলগ্নৰে পৰা সকলো জাতি,বৰ্ণ, ধৰ্মৰ পৰা ভোট পাই আহিছে ।"
ইফালে প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱৰ পৰা লোকসভা সমষ্টিত টিকট বিচৰা সম্পৰ্কে কয় যে প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ ঠাইত টিকট বিচাৰিবই । কংগ্ৰেছে কেনেকৈ বাধা দিব বুলি তেওঁ কয়। ভূপেন বৰাই লগতে কয় যে কংগ্ৰেছে বুথ শক্তিশালী নকৰা নেতাৰ বিৰুদ্ধে কঠোৰ হ'ব। যদি নিজৰ দোষৰ বাবে পৰাজিত হয় তেন্তে জবাবদিহি হ'ব সেই প্ৰাৰ্থীজন। বুথ শক্তিশালী কৰিব নোৱাৰা নেতাই ৫ বছৰৰ বাবে দলৰ বিষয় বাব এৰিব লাগিব বুলিও তেওঁ সকীয়নি দিয়ে ।
লগতে পঢ়ক :সত্যৰঞ্জন বৰাক ধৰ্মীয় দালাল আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ