Best Tourism Village of India : শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাবে স্বীকৃতি লাভ বিশ্বনাথ ঘাটৰ - গ্ৰাম্য পৰ্যটন
🎬 Watch Now: Feature Video
Published : Sep 22, 2023, 8:36 PM IST
বিশ্বনাথ, ২২ ছেপ্টেম্বৰ : অসমৰ গ্ৰাম্য পৰ্যটনৰ বাবে এক আশাপ্ৰদ খবৰ ৷ বিশ্বনাথ ঘাটক কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে ২০২৩ চনৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে নিৰ্বাচিত কৰিছে ৷ ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ৭৯১ খন আবেদনৰ মাজৰ পৰা নিৰ্বাচিত হৈছে বিশ্বনাথ ঘাট ৷
ছ'চিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ২৭ খনকৈ দেৱালয়ৰে সমৃদ্ধ বিশ্বনাথ ঘাটৰ সৌন্দৰ্য্যই হাত বাউলি মাতে পৰ্যটকক ৷ উমাই টুমনি নদী দ্বীপ আৰু বৰলাশিলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহে পৰ্যটক সকল ৷ বিশেষকৈ হাত নাৱেৰে ব্ৰহ্মপুত্ৰ নদীৰ ৰোমাঞ্চকৰ যাত্ৰা বহুতৰে প্ৰিয় ৷ বনভোজৰ বতৰত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা বনভোজ দলৰে ভৰি পৰে বিশ্বনাথ ঘাট ৷
২৭ খন দেৱালয়ৰ মাজৰ এখন দেৱালয় ছমাহ থাকে পানীৰ তলত ৷ ব্ৰিটিছৰ দিনৰে পৰা জাহাজঘাট হিচাবে পৰিচিত এই বিশ্বনাথ ঘাট ৷ অঞ্চলটোৰ অধিকাংশ লোকে নদীত মাছ মাৰি জীৱন নিৰ্বাহ কৰি আহিছে ৷ বছৰি কেইবা লাখ পৰ্যটকৰ সমাগম ঘটে বিশ্বনাথ ঘাটত ৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক সকল আহে বিশ্বনাথ ঘাটলৈ ৷ বিশ্বনাথ ঘাটক দেশৰ সৰ্বশ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাবে ঘোষণা কৰাত এতিয়া উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
লগতে পঢ়ক : 19th Asian Games : এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ ৭ গৰাকী খেলুৱৈয়ে; দেশক নেতৃত্ব দিব লাভলীনাই