Biswajit Hazarika murder update: দণ্ডাধীশৰ উপস্থিতিত খান্দি উলিওৱা হ’ল বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ

By

Published : Mar 4, 2023, 7:57 PM IST

thumbnail

মৰিগাঁও, 4 মাৰ্চ: খান্দি উলিওৱা হ’ল গুৱাহাটীৰ বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ (Guwahati Biswajit Hazarika murder case) ৷ মৰিগাঁৱৰ চৰকাৰী শ্মশানৰ পৰা গুৱাহাটী আৰক্ষী, ক্ৰাইমব্ৰান্স আৰু ফৰেন্সিকৰ এটা দলে দণ্ডাধীশৰ উপস্থিতিত খান্দি উলিয়াই মৃতদহটো ৷ 4 মাহৰ পূৰ্বে নেলীত উদ্ধাৰ কৰা হৈছিল মৃতদেহটো ৷ কিন্তু মৃতদেহটোৰ কোনো পৰিচয় নোলোৱাৰ বাবে মৰিগাঁও আৰক্ষীয়ে চৰকাৰী শ্মশানত পুতি ৰাখে মৃতদেহটো (Biswajit Hazarika murder update) ৷  

ইফালে, ফেব্ৰুৱাৰী মাহত বিশ্বজিৎ হাজৰিকাৰ অপহৰণ আৰু হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰে গুৱাহাটী আৰক্ষীয়ে ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 6 টাকৈ অভিযুক্তক ৷ অতি কম দিনৰ পাচতেই মহানগৰ আৰক্ষীয়ে আদালতত দাখিল কৰিব ঘটনাৰ চাৰ্জশ্বিট ৷ যাৰবাবে সমগ্ৰ তদন্ত অধিক তথ্য সমৃদ্ধ কৰাৰ বাবে গুৱাহাটী আৰক্ষী, ক্ৰাইমব্ৰান্স আৰু ফৰেন্সিকৰ এটা দলে শনিবাৰে খান্দি উলিয়াই মৃতদহেটো ৷ 

লগতে পঢ়ক: Biswajit Hazarika Murder case update: বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ খান্দিবলৈ মৰিগাঁৱত ক্ৰাইমব্ৰান্স-ফৰেন্সিকৰ অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.