thumbnail

By

Published : Jun 21, 2022, 10:08 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / Videos

বন্যাৰ্তৰ কাষত ৰৈ পৰিস্থিতিৰ বুজ ল'লে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যজুৰি অব্যাহত আছে জলপ্ৰলয় (Assam flood 2022) ৷ সোমবাৰে তামোলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো বানপীড়িত ৰাইজৰ খবৰ ল'লে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Biswajit Daimary visited flood area)৷ জিলাখনৰ শুক্লাই নৈৰ মথাউৰি ছিগি যোৱাৰ ফলত মহৰিপাৰাৰ পুখুৰীপাৰ, নাথকুচিকে ধৰি কেইবাখন ঠাই বানৰ কবলত পৰে ৷ বৰ্নাত্যৰ কাষত উপস্থিত হৈ বানপীড়িত লোকৰ দুখ দুৰ্দশাৰ বুজ ল'লে অধ্যক্ষ গৰাকীয়ে (Biswajit Daimary in Tamulpur)। ইফালে শিবিৰত থকা লোকসকলে সাহাৰ্য নোপোৱাৰ অভিযোগ কৰে অধ্যক্ষগৰাকীক ৷ এতিয়ালৈ বিভাগীয় কৰ্তৃপক্ষই প্ৰয়োজনীয় সামগ্ৰীসমূহো যোগান ধৰা নাই বন্যাৰ্তসকলক ৷ অধ্যক্ষগৰাকীয়ে সংবাদমাধ্যমৰ আগত এই সন্দৰ্ভত জিলা উপায়ুক্তৰ লগত আলোচনা কৰি অতি সোনকালে বন্যাৰ্তসকলক সাহাৰ্যৰ যোগান ধৰি বুলি আশ্বাস প্ৰদান কৰে ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.