Barechaharia Bhauna 2023: হাতত গুণমালা পুথি লৈ বাৰেচহৰীয়া ভাওনাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

By

Published : Mar 7, 2023, 10:37 PM IST

thumbnail

তেজপুৰ,7 মাৰ্চ : দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত জামুগুৰিহাটৰ পকামূড়া পথাৰ (Barechaharia Bhauna 2023)৷ বৰ্ণাঢ্য সংস্কৃতিক কাৰ্যসূচীৰে 6 মাৰ্চ পৰা 9 মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ 226 বছৰীয়া ঐতিহাসিক বাৰেচহৰীয়া ভাওনা মহোৎসৱ । জামুগুৰিহাটৰ বৰভগীয়া নামঘৰৰ প্ৰাংগনৰ পৰা গুণমালা পুথি লৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে (Speaker Biswajit Daimary at Barechaharia Bhauna) ৷ 

অধ্যক্ষগৰাকীক লগত সংগ দিয়ে বাৰেচহৰীয়া ভাওনাৰ উদযাপন সমিতিৰ সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই (MLA Padma Hazarika)। প্ৰত্যেক চাৰি বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই ভাওনাই সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে ৷ 1797-98 চনত শোণিত কোঁৱৰ গজেন বৰুৱাই এই ভাওনাক জামুগুৰিৰ পৰা উলিয়াই আনি অসম আৰু ভাৰতবৰ্ষৰ লগত চিনাকি কৰি দিছিল । এই ভাওনাৰ অন্য এক বিশেষত্ব হৈছে যে, ইয়াত একেলগে 20-30 খন ভাওনা অনুষ্ঠিত হয় ৷ একেটা মণ্ডপতে প্ৰায় 400 ৰো অধিক গায়ন -বায়ন "ঘোষা", ডবা, বৰকাঁহ, শংখ বাজে । ভোৰতাল, কালী, নেগেৰা খোলৰ শব্দত জামুগুৰিৰ এক সুকীয়া পৰিৱেশে বিৰাজ কৰে ।  

এইবেলি এপাহ পদুম ফুলৰ আৰ্হিত গাঁৱৰ ৰাইজে মণ্ডপটো প্ৰস্তুত কৰি উলিয়াইছে ৷  গাঁৱৰ লোকসকলে দীৰ্ঘদিন ধৰি যুগুত কৰা খেৰ-খাগৰী, বাঁহেৰে সাজি উলিয়াই এই পদুম ফুলপাহ । এইবাৰৰ এই ভাওনাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: Baresahariya Bhaona in Jamugurihat: 6 মাৰ্চৰ পৰা আৰম্ভ বাৰেচহৰীয়া ভাওনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.