ইংলেণ্ডত জন্মোৎসৱত: প্ৰৱাসী অসমীয়াৰ গুৰুজনাক স্মৰণ

By

Published : Oct 9, 2022, 10:17 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail
গুৰুজনাৰ জন্মোৎসৱৰ সৈতে সংগতি ৰাখি শংকৰী সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ইংলেণ্ডত আয়োজন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ (Birth anniversary of Sankardeva at Londan)। সাত সাগৰ তেৰ নদীৰ সীপাৰে ইংলণ্ডত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৪ সংখ‍্যক জন্মোৎসৱ পালন কৰা হয় । ইউনাইটেড কিংডম সাহিত‍্য সভাৰ (United Kingdom Sahitya Sabha) উদ‍্যোগত লণ্ডনৰ কিংছ লেংলি কমিউনিটি চেণ্টাৰত (Kings Langley Community Centre in London) প্ৰৱাসী অসমীয়াসকলে গুৰুজনাৰ জন্মোৎসৱ পালন কৰে । এই উপলক্ষে নাম-প্ৰসংগৰ লগতে গুৰুদুজনাৰ গীত-মাত-নৃত‍্যৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত মুখ‍্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় লোকশিল্পী জীনা ৰাজকুমাৰী (Singer Jina Rajkumari) আৰু তেওঁৰ শিষ‍্য অঞ্চিতা মহন্ত আৰু অনুস্মিতা মহন্তই । জীনা ৰাজকুমাৰীৰ বৰগীতৰ লগতে সত্ৰীয়া নৃত‍্য প্ৰদৰ্শন কৰে অঞ্চিতা আৰু অনুস্মিতাই । তদুপৰি প্ৰবাসী অসমীয়াসকলেও গীত-মাত-বাদ‍্য আৰু আবৃত্তিৰে অনুষ্ঠানটি জীপাল কৰি তোলে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.