Bina Handique Welfare Trust: ধেমাজিত আৰ্থিকভাৱে দুৰ্বল লোকৰ মাজত কম্বল-চুৱেটাৰ বিতৰণ - ধেমাজি ভৰালী চুক প্ৰাথমিক বিদ্যালয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 1, 2023, 3:44 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

নৱবৰ্ষৰ পহিলা দিনটোতে ধেমাজিত এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীৰ মহানুভৱতা ৷ ধেমাজি ভৰালী চুক প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী বীণা সন্দিকৈ ৱেলফেয়াৰ ট্ৰাষ্টৰ(Bina handique Welfare Trust) উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত ভৰালী চুক প্ৰাথমিক বিদ্যালয়ত ছয়খন গাঁৱৰ পাঁচজনকৈ অভাৱগ্ৰস্ত লোকক একোখনকৈ কম্বল প্ৰদান কৰে(Blanket distribution among the needy in Dhemaji ) । তেওঁ পাঁচগৰাকী কণকণ শিক্ষাৰ্থীক চুৱেটাৰো প্ৰদান কৰে ৷ আজি কম্বল-চুৱেটাৰ বিতৰণ অনুষ্ঠানত সভাপতিত্ব কৰে ট্ৰাষ্টৰ সদস্য সোণাৰাম নাথ, শৰৎ কলিতা, নিৰ্মা বৰুৱাই ৷ উল্লেখ্য যে বিগত চাৰিটা বছৰে প্ৰধান শিক্ষয়িত্ৰী বীণা সন্দিকৈয়ে সমাজৰ আৰ্থিকভাৱে দুৰ্বল বানপীড়িত অঞ্চলৰ নিস্বজন আৰু শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণেৰে ব্যক্তিগতভাৱে সহায়ৰ হাত আগবঢ়াই আহিছে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.