Ganja Farming at Bilasipara: বিলাসীপাৰাত নিষিদ্ধ গাঞ্জা খেতি উৎখাত

By

Published : Dec 18, 2022, 1:42 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail
বিলাসীপাৰাৰ নয়াহাট খৰখৰীয়াত নিষিদ্ধ গাঞ্জা খেতিক লৈ হতভম্ব বিলাসীপাৰা আৰক্ষী (Ganja Farming at Bilasipara)৷ গাঁওখনৰ হিৰেণ দাস আৰু পত্নী মিনতি দাসৰ বাসগৃহত অতি সংগোপনে কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা খেতি (Bilasipara Police Seized Ganja Farm) ৷ দম্পতীটোৰ ঘৰৰ সন্মুখতেই গাঞ্জা খেতি লহপহকৈ বাঢিছে ৷ মুঠতে ঘৰৰ আগে পিছে সকলোতে কেৱল গাঞ্জা খেতি ৷ দেওবাৰে এক গোপন খবৰৰ ভিত্তিত ধুবুৰী আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ নিৰ্দেশত নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱান হায়াত আলীৰ নেতৃত্বত চলা এক অভিযানৰ সময়ত প্ৰায় ২০০ ডাল গাঞ্জাৰ গছ কাটি পেলোৱা হয় (Bilasipara Police destroyed Ganja Plants)৷ সম্প্ৰতি নয়াহাট আৰক্ষীয়ে NDPS 382/22 ত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ইতিমধ্যে গাঞ্জা খেতিৰ স্বতাধিকাৰী হিৰেণ দাসৰ পত্নী মিনতি দাসক আৰক্ষীয়ে আটক কৰিছে ৷ এতিয়াও ‍পলাতক হৈ আছে হিৰেণ দাস, সুদাম দাসসহ কেইবাজনো ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.