Scam in Bilasipara irrigation department: জলসিঞ্চন বিভাগৰ টকাৰে উদৰ পূৰালে কোনে ?

By

Published : Jul 30, 2023, 12:15 PM IST

thumbnail

পশ্চিম বিলাসীপাৰা, 30 জুলাই : পশ্চিম বিলাসীপাৰাৰ উপ-সংমণ্ডল জলসিঞ্চন বিভাগত লুণ্ঠনৰাজৰ অভিযোগ । নাম মাত্ৰ প্ৰকল্প নিৰ্মাণ কৰি কৃষক ৰাইজক ৰাম ঠগন দি প্ৰকল্প নিৰ্মাণৰ বাবে আৱন্টিত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ আৰু জলসিঞ্চন বিভাগৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে । ফলত অঞ্চলটোৰ কৃষক ৰাইজৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰৰ পৰিস্থিতি ।

বিৱৰণি অনুসৰি, প্ৰায় 8 বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল পশ্চিম বিলাসীপাৰাৰ উপ-সংমণ্ডল অধীনত বৰকান্দা গাঁও পঞ্চায়তৰ কলাবাৰী প্ৰথমখণ্ড গাঁৱত জলসিঞ্চন প্ৰকল্পটো । কিন্তু প্ৰকল্পটো নিৰ্মাণ হোৱাৰ পৰা খেতিয়কে আজিও নাপালে এটোপালো পানী । খেতিয়কক ৰাইজে খেতি পথাৰত পানী দিয়াৰ পূৰ্বেই জহিখহি গৈছে পানী প্ৰকল্পটো । সম্প্ৰতি ভালুকৰ সাঙীত পৰিণত হৈছে এই পানী যোগান প্ৰকল্পটো ।

চৰকাৰে কেইবা কোটি টকা খচৰ কৰি নিৰ্মাণ কৰা পানী প্ৰকল্পটো সক্ৰিয় কৰাৰ কোনো সদিচ্ছা নাই বিলাসীপাৰা উপ-সংমণ্ডল বিভাগৰ । যাৰ ফলত বৃহত্তৰ বৰকান্দা গাঁও পঞ্চায়তৰ কৃষক ৰাইজে খেতি বাতি কৰাত হাহাকাৰ পৰিস্থিতি হৈছে । এই প্ৰকল্পটো নিৰ্মাণ কৰাত কিমান লাখ টকা লুটিছে বিলাসীপাৰা জল সিঞ্চন বিভাগৰ অভিযন্তা, বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰ বাহিনীয়ে ?

বিলাসীপাৰা জলসিঞ্চন বিভাগৰ অভিযন্তা আৰু বিষয়া কৰ্মচাৰীৰ দুৰ্নীতিৰ তদন্তৰ দাবী জনাইছে স্থানীয় কৃষক ৰাইজে । প্ৰকল্পটো সক্ৰিয় কৰি তুলিবলৈ চৰকাৰক কাতৰ অনুৰোধ জনাইছে বৰকান্দাৰ কৃষকে ৷

লগতে পঢ়ক : Tens situation in Nalbari: চিকিৎসকৰ অজ্ঞাতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিলে শিশুৰ চিকিৎসা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.