thumbnail

By

Published : Mar 4, 2023, 9:46 PM IST

ETV Bharat / Videos

Bike theft in Guwahati: বাইক চোৰৰ নতুন কৌশল : ষ্টেট ড্ৰাইভ কৰাৰ চলেৰে চোৰে লৈ গ’ল দুচকীয়া বাহন

গুৱাহাটী,৪ মাৰ্চ: ক্ৰমাৎ অপৰাধীৰ হটস্পটলৈ পৰিগণিত হৈ পৰিছে গুৱাহাটী মহানগৰী । নিতৌ সংঘটিত হৈ আহিছে এটাৰ পিছত আন এটা অপৰাধ । হত্যা, হিংসা, চোৰ, ডকাইতৰ উপৰিও অনেক অপৰাধ সংঘটিত হৈ আছে এইখন মহানগৰত ।  এইবাৰ মহানগৰীৰ স্মাৰ্ট চোৰৰ নতুন কৌশল । বাইক চুৰিৰ নতুন কৌশল অৱলম্বন কৰিছে চোৰে‌ । টে'ষ্ট ড্ৰাইভ কৰিবলৈ গৈ চোৰে লৈ গ'ল Apache RTR(Bike stolen by test drive in Guwahati) ।

OLX ত বিজ্ঞাপন দিয়া বাইক চাবলৈ আহি টে'ষ্ট ড্ৰাইভ কৰাৰ চলেৰে চোৰে লৈ যায় বাইকখন । ঘটনা সংঘটিত হৈছে মহানগৰীৰ ভেটাপাৰাত(Bike theft case at Bhetapara in Guwahati) । উল্লেখযোগ্য যে মিৰাজুল ইছলাম নামৰ এজন ব্যক্তিয়ে তেওঁৰ AS01DY240 নম্বৰৰ Apache RTR বাইক খন বেচিবলৈ গ্ৰাহক বিচাৰি OLX ত বিজ্ঞাপন দিছিল । এজন লোকে বাইকখন কিনিবলৈ আহি Test Drive কৰাৰ চলেৰে চুৰি কৰি লৈ যায় ।  

ইয়াৰ পিছতেই ভুক্তভোগী মিৰাজুল ইছলামে মহানগৰীৰ বশিষ্ট আৰক্ষী থানাত চোৰটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । ইতিমধ্যে বাইকখনৰ অনুসন্ধানত অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে । সেয়েহে এতিয়াৰে পৰা OLX ত বাইক বিক্ৰী কৰাৰ আগতে আপুনিও দহবাৰ ভাবি চাওক । 

লগতে পঢ়ক: BJP Strength in NE Region : বিজেপিৰ শক্তি বাঢ়িলনে কমিল ? উত্তৰ-পূবৰ ৩ ৰাজ্যৰ ফলাফলে কি কয় ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.