মহিলা প্ৰবক্তাৰ পৰা চিলনী চোৰে থপিয়ালে ফোন

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 8:20 PM IST

thumbnail

নলবাৰী,১৮ নৱেম্বৰ: নলবাৰীত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস । প্ৰতিদিনেই যেন চিলনী চোৰৰ তাণ্ডৱ চলাইছে নলবাৰী চহৰত । তাৰ পিছতো চিলনী চোৰ ধৰাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন । শনিবাৰে চিলনী চোৰৰ জালত পৰিল এগৰাকী মহিলা প্ৰবক্তা । চিলনী চোৰে কাঢ়ি নিলে মহিলা প্ৰবক্তাগৰাকীৰ মোবাইল । নলবাৰীৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শুশ্ৰূষা হাস্পতালৰ সমীপত সংঘটিত হয় এই ঘটনা ।  

নলবাৰীৰ সূৰ্য কুমাৰ ভূঞা একাডেমীৰ প্ৰবক্তা নৱনীতা বৰ্মনে ফোনত কথা পাতি গৈ থকা অৱস্থাতে বাইকত অহা দুটা দুৰ্বৃত্তই থপিয়াই নিয়ে ম'বাইল ফোনটো ।  

ভুক্তভোগী প্ৰবক্তাগৰাকীৰ ঘৰ নলবাৰী জিলাৰ বুঢ়ী নগৰত বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা প্ৰবক্তাগৰাকীয়ে নলবাৰী সদৰ আৰক্ষী থানাত সমগ্ৰ ঘটনা অৱগত কৰাই । চিলনী চোৰ ধৰাত ব্যৰ্থ হোৱা নলবাৰী আৰক্ষীয়ে প্ৰবক্তাগৰাকীৰ মোবাইলটো উদ্ধাৰ কৰিব পাৰিবনে নে নাই সেয়া সময়ত লক্ষ্যণীয় হ'ব ।  

লগতে পঢ়ক: শিলৰ আঘাতত চিৰনিদ্ৰাৰত হ’ল ধৰ্মযাজক খ্ৰিষ্টফাৰ হেমব্ৰম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.