Bihu world record: বিশ্ব অভিলেখ গঢ়া বিহুৱা-বিহুৱতীক উষ্ম আদৰণি - বিশ্ব অভিলেখ গঢ়া বিহুৱা বিহুৱতীক উষ্ম আদৰণি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 16, 2023, 12:06 PM IST

মৰাণ,১৬ এপ্ৰিল: বিশ্ব মানচিত্ৰত জিলিকিল অসমীয়াৰ আদৰৰ বিহু(Guinness book of world record Assam Bihu) । বিহুক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ গৌৰৱেৰে গৌৰৱান্বিত হৈ ইতিমধ্যে ঘৰমূৱা হৈছে প্ৰতিখন জিলাৰ বিহুৱা-বিহুৱতীসকল(Bihu world record) । এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ শনিবাৰে নিশা সুকলমে উপস্থিত হয় টিংখাঙৰ এশগৰাকী ঢুলীয়া-নাচনী ।  

টিংখাঙৰ গান্ধী ময়দানৰ প্ৰাঙ্গণত বিশ্ব ৰেকৰ্ড গঢ়ি অহা বিহুৱা-বিহুৱতীসকলক সমষ্টিবাসীয়ে উষ্ম আদৰণি জনায় (Bihu world record holder welcome at moran) । বিহুৱা-বিহুৱতীসকল উপস্থিত হোৱাৰ লগে লগে এক আৱতৰীয়া দীপাৱলীৰ সৃষ্টি হয় । ইয়াৰ লগতে ঢুলীয়া-নাচনী সকলে অভিভাৱক আৰু উপস্থিত ৰাইজৰ সৈতে বিহু মাৰি আনন্দ উল্লাসত মতলীয়া হৈ পৰে । আনহাতে সৰুসজাইত বিশ্ব অভিলেখৰ বাবে যোৱা দলটোৱে থকা-খোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিল বুলি উল্লেখ কৰে । 

লগতে পঢ়ক: Brutal murder in Guwahati: এজন ব্যক্তিক হত্যা কৰি ওলমাই থৈ গ’ল গেটত; একেদিনাই গুৱাহাটীত দুটা চাঞ্চল্যকৰ হত্যাকাণ্ড

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.