thumbnail

By

Published : Mar 27, 2023, 2:03 PM IST

ETV Bharat / Videos

Bihu dance workshop: ৰহাত বিহু নাচৰ কৰ্মশালাৰ সামৰণি

ৰহা, ২৭ মাৰ্চ: চেনেহৰ ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী (Preparation of Rongali Bihu in Assam)। ব'হাগক আদৰাৰ প্ৰস্তুতিৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰাম্ভ হৈছে বিহু নাচৰ আখৰা আৰু কৰ্মশালা (Bihu dance workshop at Raha)। ৰহাতো দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ । ৰহাৰ অংকুৰ জ্যোতি বিহুৱা দলৰ উদ্যোগত ৰহাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ খেলপথাৰত যোৱা ১৯ মাৰ্চৰ পৰা ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিহু কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে ।  

উক্ত কৰ্মশালাত কণ কণ শিশুৰ পৰা আদি কৰি শতাধিক ডেকা-গাভৰুৱে অংশগ্ৰহণ কৰে । কৰ্মশালাখনিত প্ৰশিক্ষণ প্ৰদান কৰে কেইবাগৰাকীও বৰ বিহুৱা, ঢুলীয়া আদিয়ে । ইয়াৰ সমান্তৰালভাৱে ৰহাৰ ফুলগুৰিতো ফুলগুৰি ৰঙালী বিহু উদযাপন সমিতিৰ সৌজন্যত অনুষ্ঠিত হয় এক বিহু নাচৰ প্ৰশিক্ষণ কাৰ্যসূচী (Bihu dance workshop at Phulguri)। সপ্তাহজুৰি হোৱা এই বিহু কৰ্মশালাৰো দেওবাৰে সামৰণি পৰে । অন্তিমটো দিনত‌ প্ৰশিক্ষণ লাভ কৰা কণ কণ শিশুৰ পৰা আদি কৰি যুৱতী সকলে প্ৰদৰ্শন কৰে বিহুনৃত্য । 

লগতে পঢ়ক: Crime in Dhemaji: ধেমাজিত নগদ ধনসহ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.