Assam Bihu Guinness book of world record: বিশ্ব ৰেকৰ্ডৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যত বিহুৱা বিহুৱতীৰ প্ৰশিক্ষণ শিবিৰ

By

Published : Mar 28, 2023, 11:14 AM IST

thumbnail

ডিব্ৰুগড়, 28 মাৰ্চ : অসমৰ বিহুক গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিবলৈ সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ'ল বিহুৱা-বিহুৱতীৰ প্ৰশিক্ষণ শিবিৰ (Guinness book of world record) ৷ অসমৰ বিহুক গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিবৰ বাবে অহা ১৪ এপ্ৰিলত সৰুসজাইত ১১ হাজাৰ নাচনী-ঢুলীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বিহু প্ৰদৰ্শন কৰিব (Assam to set Guinness book of world record) । অসমৰ স্বাভিমান বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে ৰাজ্য চৰকাৰে ১০০ কোটি টকাৰ খৰচৰ হিচাবেৰে বৃহৎ আয়োজন কৰিছে ।

এই ঐতিহাসিক বিহু প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত নাচনী-ঢুলীয়াৰ প্ৰশিক্ষণ সোমবাৰৰ পৰা আৰম্ভ হৈছে (Bihu dance workshop across Assam) । সোমবাৰে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ লগতে ডিব্ৰুগড়ৰ মৰাণ সমষ্টিৰ পৰা নিৰ্বাচিত বিহুৱা-বিহুৱতীৰ প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত হৈ তেখেত সকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে বিহুক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানক সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে উৎসাহ প্ৰদান কৰে । 

বিহু প্ৰশিক্ষণ শিবিৰ পৰিদৰ্শন কৰি সাংস্কৃতিক মন্ত্ৰী গৰাকীয়ে কয়, দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত এইবাৰ অসমৰ স্বাভিমান বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক চেষ্টা কৰা হৈছে (bihu dance workshop) । সেয়ে সোমবাৰৰ পৰা প্ৰতিখন জিলাতেই অনুষ্ঠিত হৈছে বিহুৱা-বিহুৱতীৰ প্ৰশিক্ষণ কাৰ্যসূচী । ৩১ মাৰ্চলৈ অনুষ্ঠিত হ'ব এই প্ৰশিক্ষণ শিবিৰ । অনুষ্ঠানত মন্ত্ৰী বিমল বৰাৰ সৈতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, অতিৰিক্ত উপায়ুক্তৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।

লগতে পঢ়ক : Guinness book of World Record: গ্ৰীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে সাজু ধেমাজিৰ বিহুৱা-বিহুৱতী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.