Bihpuria Women innovative step: উৎকট গৰমৰ মাজতো মহিলাসকল ব্যস্ত পথ চাফ-চিকুণ কৰাত - গুৰুকৃষ্ণ প্ৰেমানন্দ ঈশ্বৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 3:06 PM IST

বিহপুৰীয়া, 5 ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যতে গৰমে দহিছে ৷ ছটফটাইছে সাধাৰণ জনতা  ৷ তাৰ মাজতে বিহপুৰীয়া নগৰত দেখা গৈছে এক অস্বাভাৱিক পৰিৱেশ । এই উৎকট গৰমৰ মাজতো বিহপুৰীয়া নগৰৰ মাজত ভৰদুপৰীয়া হাতে হাতে ঝাড়ু, পাচি লৈ চাফাই কৰাত ব্যস্ত হ’ল প্ৰায় ৫০গৰাকী মহিলা । দেখাত সাধাৰণ যেন লাগিলেও এই উৎকট গৰমৰ মাজতো এই সকল মহিলাৰ কৰ্মোদ্যম বা সাহস দেখি বহুজনে ক্ষন্তেকৰ বাবে হলেও থমকি ৰবলৈ বাধ্য হ'ল ।

প্ৰায় তিনি কিঃমিঃ দীঘল ৰাজ্যিক ঘাইপথ পৰিষ্কাৰ কৰাৰ লক্ষ্য এইসকল মহিলাৰ ৷ কাৰণ বিহপুৰীয়াৰ কাষৰে পাঁচআলিত অৱস্থিত কৃষ্ণগুৰু শাখা সেৱাশ্ৰমত বুধবাৰে উপস্থিত হ’বহি গুৰুকৃষ্ণ প্ৰেমানন্দ ঈশ্বৰ ৷ আধ্যাত্মিক অনুভৱেৰে জগতত মংগল আৰু শান্তিৰ বাণী বিস্তাৰ কৰিবলৈ আহিব গুৰুকৃষ্ণ প্ৰেমানন্দ ঈশ্বৰ ৷ তেওঁ আদৰিবলৈ সাজু হৈছে ভক্তসকল ।

লগতে পঢ়ক:Fire incident at Lakhimpur: জুইত জাহ গ’ল ভূৱন ৰাজপুতৰ সম্পূৰ্ণ বাসগৃহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.