Bihpuria College Principal suspended: বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অমূল্য কুমাৰ হাজৰিকাক নিলম্বন

🎬 Watch Now: Feature Video

thumbnail

বিহপুৰীয়া, 13 ছেপ্টেম্বৰ: বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন । অসম উচ্চ শিক্ষা সংসদে নিলম্বন কৰিলে বিহপুৰীয়াৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অমূল্য কুমাৰ হাজৰিকাক । উল্লেখ্য যে, অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী, কম্পিউটাৰৰ তথ্য চুৰি, মহিলা শিক্ষয়িত্ৰী-কৰ্মচাৰীক ৰ্দুব্যৱহাৰকে আদি কৰি বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰি মহাবিদ্যালয়ৰ শিক্ষক গোটে এক দীঘলীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে উৰ্দ্ধতম কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছিল ।

পৰবৰ্তী সময়ত লখিমপুৰ জিলা উন্নয়ন আয়ুক্তৰ এটি দল আৰু অতিৰিক্ত উচ্চ শিক্ষাধিকৰ্তাৰ নেতৃত্বত এটি দল মহাবিদ্যালয়খনত উপস্থিত হৈছিল । ইপিনে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভানেত্ৰীগৰাকীক সমগ্ৰ বিষয় সন্দৰ্ভত সংবাদ মাধ্যমে যোগাযোগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও অধ্যক্ষগৰাকীৰ নিলম্বনৰ নিৰ্দেশনা পত্ৰখন সংবাদ মাধ্যমৰ পৰা দূৰত ৰখাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে । ৰহস্যজনকভাৱে এই পত্ৰখন বিষয়ে শিক্ষক গোটকো একো অৱগত নকৰা বিষয়টোৱে বিবুধিত পেলাইছে শিক্ষক-কৰ্মচাৰীসকলক ৷

লগতে পঢ়ক: Dibrugarh murder case : যুৱতী হত্যাৰ অভিযুক্ত আজিজ আহমেদ ওৰফে মুন্নাৰ বিৰুদ্ধে পোহৰলৈ আহিছে ন ন কু-কীৰ্তিৰ তথ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.