Fake gold smugller arrested: নকল সোণ সৰবৰাহ কৰি গ্ৰেপ্তাৰ হ’ল বিহাৰৰ আৰক্ষী জোৱান - নকল সোণ
🎬 Watch Now: Feature Video


Published : Sep 10, 2023, 5:25 PM IST
বঙাইগাঁও, 10 ছেপ্টেম্বৰ : এইবাৰ নকল সোণ সৰবৰাহ কৰি গ্ৰেপ্তাৰ হ’ল আৰক্ষী ৷ নকল সোণ সৰবৰাহ কৰি নিউ বঙাইগাঁৱত গ্ৰেপ্তাৰ হ’ল এজন আৰক্ষী ৷ বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও ৰে’লৱে আৰক্ষীয়ে নকল সোণ সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিলে বিহাৰৰ এজন আৰক্ষী জোৱানক ৷
নকল সোণ সৰবৰাহ কৰি লৈ গৈ থকা অৱস্থাত ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা নিউ বঙাইগাঁও ৰে’লৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিহাৰৰ আৰক্ষী জোৱানজনক ৷ ধৃত আৰক্ষী জোৱানজনৰ নাম চন্দন পাছোৱান বুলি জানিব পৰা গৈছে ৷ বিহাৰ আৰক্ষীত কনিষ্টবল হিচাবে কৰ্মৰত ধৃত চন্দন পাছোৱান ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷