Bhupen Hazarika death anniversary: জাগীৰোডত দ্বাদশ মৃত্যু তিথিত সুধাকণ্ঠক স্মৰণ - ড৹ভূপেন হাজৰিকাৰ মৃত্যু তিথি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 6:12 PM IST

মৰিগাঁও, ৫ নৱেম্বৰ: আজি সুধাকণ্ঠ ড৹ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু তিথি ৷ সমগ্ৰ ৰাজ্যৰ লগতে জাগীৰোডতো সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । কাগজ কল আবাসিক এলেকাত থকা ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এসময়ত শিল্পীগৰাকীৰ সান্নিধ্য লাভ কৰা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ৷

এই অনুষ্ঠানতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই গালে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে' ৷ জাগীৰোডৰ নগাঁও কাগজ কলৰ আবাসিক এলেকাত থকা সুধাকণ্ঠৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিভিন্ন লোকে ৷ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁত ধৰে মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ আৰু সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই ৷

লগতে পঢ়ক:Bhupen Hazarika death anniversary 2023: সুধাকণ্ঠৰ মৃত্যু তিথিত এলাগী হৈ ৰ’ল ভূপেন হাজৰিকা মুকলি মঞ্চ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.