Bhupen Hazarika death anniversary 2023: চিলাপথাৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যু তিথি পালন

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 7:10 PM IST

thumbnail

জোনাই, 5 নৱেম্বৰ : আজি ভাৰতৰত্ন, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু তিথি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ চিলাপথাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ মৃত্যু তিথি পালন কৰা হয় ৷ চিলাপথাৰৰ মাজগাঁও আঞ্চলিক ৰাস মন্দিৰ চৌহদত ধেমাজি জিলা সমিতি আৰু চিলাপথাৰ আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ ৷

সুধাকণ্ঠৰ স্মৃতি দিৱস অনুষ্ঠানৰ পতাকা উত্তোলন কৰে এ জে ৱাই চি পিৰ সভাপতি পলাশ চাংমাইয়ে ৷ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে শ্বহীদ তৰ্পণ কৰাৰ পাচত সতীৰ্থ স্মাৰণ কৰে সংগঠনটোৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই ৷ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ পাচতে সুধাকণ্ঠগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগঠনটোৰ বিষয়ববীয়াই ৷  দুপৰীয়া সমবেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাৰ মঞ্চত প্ৰদৰ্শন কৰা হয় বাৰেচহৰীয়া জনগোষ্ঠীয় কৃষ্টিৰ সমাহাৰ ৷ 

লগতে পঢ়ক:Dr Bhupen Hazarika statue unveiled : ধেমাজিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.