Bhupen Hazarika death anniversary : মঙলদৈৰ বেগানৈৰ পাৰত গীত-সুৰেৰে সুধাকণ্ঠক স্মৰণ - সুৰেৰে সুধাকণ্ঠক স্মৰণ
🎬 Watch Now: Feature Video


Published : Nov 5, 2023, 12:10 PM IST
দৰং, 5 নৱেম্বৰ: মঙলদৈৰ বেগানৈৰ পাৰত দেওবাৰে পালন কৰা হয় ড৹ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস ৷ ড৹ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি, দৰং আৰু মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে দৰং, অসম'ৰ যুটীয়া উদ্যোগত আয়োজন কৰা হয় ড৹ ভূপেন হাজৰিকাৰ স্মৃতি দিৱসটি । এই উপলক্ষে পুৱা 6 বজাত মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মাই প্ৰভাত ফেৰী উদ্বোধন কৰে । এই প্ৰভাত ফেৰীত অংশগ্ৰহণ কৰা শতাধিক লোকে সুধাকণ্ঠৰ কালজয়ী 'মানুহে মানুহৰ বাবে' গীতকে ধৰি বিভিন্ন কালজয়ী গীত পৰিৱেশন কৰি মঙলদৈ চহৰ মুখৰিত কৰি তোলে ।
ইয়াৰ পিছতে মঙলদৈ বেগা নদী পাৰাত থকা ভূপেন হাজৰিকাৰ মূৰ্তিৰ সমুখত বন্তি প্ৰজ্বলন কৰা হয় ৷ অনুষ্ঠানত শিল্পী প্ৰাঞ্জল শৰ্মা, ৰিন্তি ডেকাই গীত পৰিবেশন কৰে । ইফালে সাংস্কৃতিক মহাসভাৰ দৰং জিলা সমিতিৰ উদ্যোগত আজি মঙলদৈ য়ুথ ক্লাৱত 'সংগীত দিৱস' হিচাপে উদযাপন কৰি সুধাকণ্ঠক স্মৰণ কৰে ।