Bhupen Hazarika 97th birthday: সুধাকণ্ঠৰ গীতে-মাতে জীপাল নগাঁৱৰ অমৃত কানন - Tribute to Bhupen Hazarika
🎬 Watch Now: Feature Video
Published : Sep 8, 2023, 8:24 PM IST
নগাঁও,৮ ছেপ্টেম্বৰ: আজি ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ওপজাদিন । সমগ্ৰ ৰাজ্যতে আজি স্মৰণ কৰা হৈছে প্ৰাণৰ শিল্পীগৰাকীক । সমগ্ৰ অসমৰ লগতে নগাঁৱৰো বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজাদিন । সুধাকণ্ঠৰ ওপজা দিনটোত সুধাকণ্ঠৰ গীতে-মাতে জীপাল হৈ পৰিল নগাঁৱৰ অমৃত কানন । সুধাকণ্ঠৰ প্ৰতিমূৰ্তি থকা নগাঁৱৰ অমৃত কাননত শিল্পী মঞ্চ অসমৰ উদ্যোগত ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্ম দিনটো উদযাপন কৰা হয় ।
আপোন শিল্পী গৰাকীৰ জন্মদিনত নগাঁৱৰ কেইবাগৰাকী শিল্পীয়ে পৰিবেশন কৰে বহুকেইটা কালজয়ী গীত । শিল্পী মঞ্চৰ উদ্যোগত অনুষ্ঠিত সুধাকণ্ঠৰ জন্মদিনত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা । বিধায়কগৰাকীয়ে সুধাকন্ঠৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি স্মৰণ কৰে আজন্ম শিল্পীগৰাকীক ।
লগতে পঢ়ক: Dead body recovered: পুনৰ মৃতদেহ উদ্ধাৰ, বৰশীত লাগিল অচিনাক্ত মৃতদেহ