Amritpal controversy: অমিত পাল সিঙৰ বিষয়তো মুখ্যমন্ত্ৰীক সাঙুৰিলে ভূপেন বৰাই

By

Published : Apr 25, 2023, 1:39 AM IST

thumbnail

ডিব্ৰুগড়, ২৪ এপ্ৰিল: দেশৰ ভিতৰতে অতিকৈ চৰ্চিত কাৰাগাৰ হৈ পৰিছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ । কিয়নো এতিয়া ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙৰ সৈতে মুঠ দহ জন খালিস্তানপন্থী নেতা ডিব্ৰুগড় কাৰাগাৰৰ আলহী (Amritpal interrogation in Dibrugarh Jail) । খালিস্তানী নেতাসকলক নিৰাপত্তাত অলপো ত্ৰুটি ৰখা নাই ডিব্ৰুগড় তথা অসম আৰক্ষীয়ে (Bhupen Bora react on Khalistani leaders) ।  

এক প্ৰকাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজ আতিথ্যত ডিব্ৰুগড় কাৰাগাৰত সময় পাৰ কৰিছে পূৰ্ৱে অনা খালিস্তানী বিচ্ছিন্নতাবাদী নেতাসকলে (Amritpal controversy) । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশেষ চেল প্ৰস্তুত কৰি ৰখা হৈছে খালিস্তানী নেতাসকলক । ভি আই পি সদৃশ মৰ্যাদা প্ৰদান কৰিছে এইসকল খালিস্তানপন্থী নেতাক চৰকাৰে (Bhupen Bora react on khalistani leader security) ।  

ডিব্ৰুগড়ত সোমবাৰে সংবাদমেল অনুষ্ঠিত কৰি প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন কুমাৰ বৰাই ডিব্ৰুগড়ৰ কাৰাগাৰত খালিস্তানী নেতাক নিৰাপত্তা বেষ্টনীৰ মাজত ৰখাক লৈ চৰকাৰক কটাক্ষ কৰা পৰিলক্ষিত হয় । কংগ্ৰেছ সভাপতি গৰাকীয়ে কয়, পূৰ্বে অসমলৈ পৰ্যটক আহিছিল । অসমৰ প্ৰাকৃতিক পৰিৱেশৰ লগতে কীৰ্তিচিহ্নসমূহ চাইছিল । কিন্তু, এতিয়া নতুন মুখ্যমন্ত্ৰীয়ে নতুন আলহী আনিছে । 

লগতে পঢ়ক: Rana Goswami slams CM: পুৰণা বিজেপিক গুৰুত্ব দিব নোৱাৰে হিমন্ত বিশ্বই; ৰাণা গোস্বামী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.