Pariksha Pe Charcha 2023 : বৰপেটাত 'পৰীক্ষা পে চৰ্চা'ত ভূৱনেশ্বৰ কলিতাৰ অংশগ্ৰহণ

By

Published : Jan 27, 2023, 5:33 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বৰপেটা, ২৭ জানুৱাৰী : দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি 'পৰীক্ষা পে চৰ্চা' শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে (Pariksha Pe Charcha 2023)। দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলৰ সৈতে ভাৰ্ছুৱেলী মত বিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । অসমৰো বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত ভাৰ্ছুৱেলী এই অনুষ্ঠানৰ সম্প্ৰচাৰ কৰা হয় ।

তাৰ অংশস্বৰূপে বৰপেটা জিলা পুথিভৰাল প্ৰেক্ষাগৃহত শুকুৰবাৰে প্ৰশাসনৰ উদ্যোগত 'পৰীক্ষা পে চৰ্চা' শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই ।

অনুষ্ঠানত অংশ লৈ তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ এই পদক্ষেপক আদৰণি জনায় (Bhubaneswar Kalita on Pariksha pe charcha)। তেওঁৰ মতে দেশৰ ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ বাবে মানসিকভাৱে সাজু হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে উৎসাহিত কৰি আহিছে ৷ 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠানৰ জৰিয়তে পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে উদ্বিগ্নতাৰ পৰিৱৰ্তে যাতে সাহসেৰে পৰীক্ষাত অৱৰ্তীণ হ'ব পাৰে তাৰ বাবে ২০১৮ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা 'পৰীক্ষা পে চৰ্চা'ৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে ৷

এই অনুষ্ঠানৰ জৰিয়তে দেশৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱা বুলিও মন্তব্য কৰে সাংসদ ভূৱনেশ্বৰ কলিতাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'পৰীক্ষা পে চৰ্চা' শীষক অনুষ্ঠানৰ পোনপটীয়া ভিডিঅ' কনফাৰেঞ্চযোগে সম্প্ৰচাৰিত অনুষ্ঠানটোত বৰপেটা জিলাৰ প্ৰায় ৫ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় ৷ অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে প্ৰশাসনৰো কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে । বৰপেটাৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তত এই 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠানৰ আয়োজন কৰা হয় । য'ত দেশৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে ২০১৮ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা 'পৰীক্ষা পে চৰ্চা' শীৰ্ষক কাৰ্যসূচীৰ আৰম্ভ হৈছিল । শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ সময়ত হোৱা বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে "পৰীক্ষা পে চৰ্চা" শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছিল । ইয়াৰ জৰিয়তে শিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময়ো কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.