Bhuban Gam slammed AAMSU secretary: আমছুৰ সম্পাদকক তুলা-ধুনা ভুৱন গামৰ - আমছুৰ সম্পাদকক তুলা ধুনা ভুৱন গামৰ
🎬 Watch Now: Feature Video
মাজুলী,১৮ ফেব্ৰুৱাৰী: আমছুৰ সম্পাদকক উভতি ধৰিলে মাজুলীৰ বিধায়ক ভুৱন গামে (Bhuban Gam slammed AAMSU secretary) । উল্লেখ্য, আমছুৰ এগৰাকী সম্পাদকে মাজুলীৰ বিধায়ক ভুৱন গামক অসমীয়া নজনা ব্যক্তি বুলি মন্তব্য কৰিছিল (Bhuban Gam reacted on AAMSU comments) । উক্ত মন্তব্যৰে প্ৰত্যুত্তৰ দি মাজুলীৰ বিধায়কগৰাকীয়ে আমছুৰ সম্পাদকগৰাকীক তুলা-ধুনা দিয়ে ।
মাজুলীৰ বিধায়ক ভুবন গামে অসমীয়া কথা ক'ব নাজানে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভুবন গামে কয় যে তেওঁ এগৰাকী ভূমিপুত্ৰ খিলঞ্জীয়া অসমীয়া (Majuli MLA Bhuban Gam) । তেওঁৰ ৰক্তত জনজাতীয় সত্তা প্ৰবাহিত হৈ আছে । আমছুৰ সম্পাদকগৰাকীৰ মন্তব্যৰ প্ৰত্যাহ্বান জনাই ভুবন গামে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ অসমৰ ভুমিপুত্ৰ, এজন মিচিং সম্প্ৰদায়ৰ লোক । তেওঁ বাংলাদেশী বা পাকিস্তানী নহয় ।
লগতে ভুবন গামৰ মন্তব্য, আমছু আৰু তেওঁৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে । আমছুৱে সদায় চিন্তা কৰি থাকে কেনেদৰে বাংলাদেশী আৰু পাকিস্তানী লোকসকলক অসমত নাগৰিকত্ব দিব পাৰি বুলি । বাংলাদেশী আৰু পাকিস্তানী লোকেৰে অসমখন ভৰাই তুলিব পাৰি । ১০-১২ টা সন্তান জন্ম দি কেনেদৰে নিজৰ জনসংখ্যা বৃদ্ধি কৰিব পাৰি দিনে-ৰাতিয়ে তাৰেই চিন্তাত থাকে । অসমক বাংলাদেশলৈ পৰিৱৰ্তন কৰিব বিচাৰে আমছুৱে ।
কিন্তু ইয়াৰ বিপৰীতে ভুবন গামৰ চিন্তা হৈছে অসমৰ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰা । নিজৰ সমষ্টিৰ লগতে অসমৰ উন্নতি কেনেদৰে কৰিব পাৰি তাৰে চিন্তাত তেওঁ থকা বুলিও মাজুলীৰ বিধায়ক ভুবন গামে উল্লেখ কৰে । আনহাতে, তেওঁ মাজুলী তথা অসমৰ উন্নয়নৰ বাবে সদায় কাম কৰি যাব বুলিও প্ৰকাশ কৰে ।
লগতে পঢ়ক:Jorhat Chowk Bazaar fire: যোৰহাটৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ