Press Meet of BHP in Guwahati: ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ হ'বলৈ চৰকাৰক আহ্বান BHP নেতাৰ - BHP appeal to enactment of law against Jihad

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 3, 2023, 4:23 PM IST

গুৱাহাটী, ৩ জুন :"লাভ জেহাদ,ধৰ্মান্তৰকৰণ,গো-হত্যা ,জেহাদীৰ পৰা হিন্দু সমাজলৈ প্ৰত্যাহ্বান আহিছে । এই বিষয়ে হিন্দু সমাজ জাগ্ৰত হ'ব লাগে ।"এই মন্তব্য বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় মহামন্ত্ৰী মিলিন পাৰাণ্ডেৰ । সোমবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি তেওঁ কয়," উত্তৰ পূবত বিশ্ব হিন্দু পৰিষদৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হৈছে । এই বৈঠকত কাৰ্যকৰ্তা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে বিশ্ব হিন্দু পৰিষদৰ । ১ কোটি লৈ পৰিষদৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্য । উত্তৰ পূবত ১ লাখলৈ সদস্য বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে । হিন্দু সমাজৰ প্ৰতি অহা প্ৰত্যাহ্বানৰ বাবে হিন্দু সমাজক সজাগ হ'বলৈ আহ্বান জনায় ।"

বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় মহামন্ত্ৰী মিলিন পাৰাণ্ডেই মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ কুকি উগ্ৰপন্থী আৰু ড্ৰাগছ মাফিয়াৰ বাবে হোৱা বুলি মন্তব্য কৰি কুকি দুয়োটাৰ বিৰুদ্ধে কঠোৰ স্থিতি ল'বলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনায় । গো ৰক্ষা আইন অসমত বলবৎ কৰা বাবে ধন্যবাদ জনায় মুখ্যমন্ত্ৰী  ড৹ হিমন্ত বিশ্ব শৰ্মাক । তেওঁ ৰাজ্য চৰকাৰক অসমত লাভ জেহাদ আৰু ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ আহ্বান জনায় । 

লগতে পঢ়ক:Minister Jayanta Malla Baruah: ৰাইজৰ আবেগ-অনুভূতি থকা দীঘলীপুখুৰীক কোনো বহিৰাগত প্ৰতিষ্ঠানক দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে; জয়ন্ত মল্ল বৰুৱা 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.