তেজপুৰত প্ৰাক ভোগালী অনুষ্ঠানত অভিনেত্ৰী শ্য়ামন্তিকা - অভিনেত্ৰী শ্য়ামন্তিকা
🎬 Watch Now: Feature Video


Published : Jan 12, 2024, 10:57 PM IST
|Updated : Jan 12, 2024, 11:04 PM IST
তেজপুৰ, ১২ জানুৱাৰী: পদূলিমুখত হেঁপাহৰ ভোগালী বিহু । উদুলি মুদুলি ৰাজ্যবাসী । সকলো ব্যস্ত মেজিঘৰ, ভেলাঘৰ সজাত । সমান্তৰালভাৱে পিঠা পনা, ভোগালীৰ জলপান প্ৰস্তুতত ব্যস্ত মহিলাসকল । পিছ পৰি ৰোৱা নাই সংস্কৃতি নগৰী তেজপুৰ । ভোগালী বিহু বুলিলে বিশেষকৈ প্ৰাক ভোগালী আয়োজন এতিয়া ৰাজ্যৰ চৌদিশে ।
তেজপুৰৰ শইকীয়াই চুবুৰীত প্ৰাক ভোগালী অনুষ্ঠানত শীতৰ ঠেঁটুৱৈ ধৰা ঠাণ্ডাৰ মাজতো সকলোৰে সৈতে এপাক কঁকাল ঘূৰাই নাছিলে অভিনেত্ৰী শ্য়ামন্তিকাই । শইকীয়াই চুবুৰীত প্ৰাক ভোগালী অনুষ্ঠানত প্ৰতি বছৰৰ দৰে এইবাৰো স্থানীয় শিল্পীৰ লগত গীতে মাতে ৰাইজে আনন্দৰে এসাজ লগে ভাগে খালে । ইফালে,হেঁপাহৰ ভোগালী বিহুলৈ মাজত এটা দিন । গাঁৱৰ জীয়াৰী-বোৱাৰীৰ ভোগালীৰ জলপান বনোৱাৰ বাবে আহৰি নাই । ঢেঁকীশালত ব্যস্ত মহিলাসকল । তেওঁলোক এতিয়া লাডু, পিঠা ,সান্দহ আদি প্ৰস্তুত কৰাত ব্য়স্ত ।
লগতে পঢ়ক:ধেমাজিত হোষ্টেলৰ গৰাকীৰ বিৰুদ্ধে শ্লীলতা হানিৰ অভিযোগ, গ্ৰেপ্তাৰ অভিযুক্ত