লখিমপুৰত কমতাপুৰৰ ৰাজকাৰেঙৰ আহিত নিৰ্মাণ হৈছে ভেলাঘৰ

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 4:40 PM IST

thumbnail

লখিমপুৰ, 13 জানুৱাৰী : হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন ৷ ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ৰাজ্যত দেখিবলৈ পোৱা গৈছে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা ৷ বিভিন্ন প্ৰান্তত ভিন্ন আৰ্হিৰে নিৰ্মাণ হৈছে আটক ধুনীয়া ভেলাঘৰ ৷

লখিমপুৰ জিলাৰ বিভিন্ন স্থানতো ৰাইজে নিৰ্মাণ কৰিছে ব্যতিক্ৰমী ভেলাঘৰ ৷ তেনে ব্যতিক্ৰমী এটি ভেলাঘৰ নিৰ্মাণ কৰা হৈছে লখিমপুৰ নগৰৰ সমীপৰ আজাদ পুৰণি বাঁহপাতি গাঁৱৰ পথাৰত ৷ তেলাহী যুৱ সমাজৰ উদ্যোগত অঞ্চলটোৰ 30 খনৰো অধিক গাঁৱৰ ৰাইজ ঐক্যবদ্ধ হৈ উক্ত স্থানতে কমতাপুৰৰ ৰাজকাৰেঙৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে ৷ নৱ প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ উদেশ্যেৰে এই ভেলাঘৰ নিৰ্মাণ কৰা হৈছে বুলি ৰাইজে প্ৰকাশ কৰিছে ৷

ইফালে অঞ্চলটোৰ ৰাইজে কমতাপুৰৰ ৰাজকাৰেঙৰ আৰ্হিত নিৰ্মাণ কৰা ভেলাঘৰতে সম্প্ৰীতিৰে এসাঁজ খোৱাৰো প্ৰস্তুতি কৰিছে ৷

লগতে পঢ়ক : লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত ড্ৰোণ উৰণ নিষিদ্ধ ঘোষণা জিলা দণ্ডাধীশৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.