Preparation for Bhogali Bihu: কলগাছিয়াত ভোগালী বিহুৰ লাইখুটা স্থাপন

By

Published : Jan 11, 2023, 9:06 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৷ সমগ্ৰ অসমৰ লগতে কলগাছিয়াত দেখা গৈছে ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি । পিছ পৰি থকা নাই কলগছিয়াৰ ভোগালী বিহুপ্ৰেমী ৰাইজ । কলগাছিয়া আৰক্ষী থানাৰ চৌহদত দেখা গৈছে ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি(Kalgachia Police Station) । আৰক্ষী থানাখনৰ চৌহদত আজি ভোগালী বিহুল লাইখুটা স্থাপন কৰা হয় । লাইখুটা স্থাপন কৰে ভোগালী বিহু উদযাপন সমিতিৰ সভাপতি তথা কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমিয়া আৰু ভোগালী বিহু উদযাপন সমিতিৰ মুখ্য সম্পাদক তথা কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমকান্ত শৰ্মাই(Bhogali Bihu Preparation at kalgachia) । লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে কলগাছিয়াৰ বিশিষ্ট সমাজকৰ্মী ছাইফুল ইছলাম, কলগাছিয়াৰ স্থানীয় গাঁওবুঢ়া ছাৰোৱাৰ উদ্দিনৰ লগতে সাংবাদিক আৰু স্থানীয় ৰাইজ । ইয়াৰ পাছত সকলো ব্যস্ত হৈ পৰে মেজি আৰু ভেলাঘৰ সজাত ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.