Magh Bihu 2023 : মাজুলীত একেলগে মেজিত জুই দিলে আদিল হুছেইন, ৰীমা দাস, জয় বৰুৱাসহ বহুজনে - মনগীত উৎসৱ ২০২৩
🎬 Watch Now: Feature Video
আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু (Magh Bihu 2023) । সমগ্ৰ ৰাজ্যতে প্ৰতিজন অসমীয়াই হেঁপাহেৰে পালন কৰিছে এই ভোগৰ উৎসৱ ভোগালী (Bhogali Bihu celebrate in Assam)। ভোগালী বিহুক লৈ ব্যতিক্ৰম নহয় সত্ৰনগৰী মাজুলীও (Bhogali Bihu celebrate in Majuli) । বিহুৰ পুৱাই মাজুলীৰ লুইতৰ পাৰত দেখা গ’ল এদল শিল্পী তথা সাংস্কৃতিক পথাৰৰ সৈতে জড়িত বহু লোকক ৷
উল্লেখ্য যে, মাজুলীৰ লুইতৰ পাৰৰ ডেকাচাঙত অনুষ্ঠিত হৈছে মনগীত উৎসৱ ২০২৩ (Mongeet Festival 2023)। মনগীত উৎসৱ ২০২৩ লগত সংগতি ৰাখি বিভিন্ন কৰ্মশালা অনুষ্ঠিত হৈছে । মনগীত উৎসৱ ২০২৩ ত অংশ গ্ৰহণ কৰিবলৈ আহিছে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে অসমৰ বহু জনপ্ৰিয় শিল্পী ।
মনগীত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি বহু জনপ্ৰিয় শিল্পীয়ে দেওবাৰে লুইতৰ পাৰত ল’লে মেজিৰ উম । নিজ হাতে মেজিত জুই দিলে আদিল হুছেইন, জয় বৰুৱা, ৰীমা দাসকে ধৰি বহু জনপ্ৰিয় শিল্পীয়ে । মেজিৰ কাষত আশীৰ্বাদ দিলে বিশিষ্ট মুখা শিল্পী ড৹ হেমচন্দ্ৰ গোস্বামীয়ে । সংবাদ মাধ্যমৰ জৰিয়তে মাজুলীৰ পৰাই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালে আদিল হুছেইন, জয় বৰুৱা আৰু ৰীমা দাসে ।