thumbnail

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 4:41 PM IST

ETV Bharat / Videos

গুৱাহাটীৰ বজাৰত সৰ্বাধিক ৫০০০ টকা দৰত বিক্ৰী হৈছে মেজি

গুৱাহাটী, ১২ জানুৱাৰী : সন্মুখত হেঁপাহৰ মাঘ বিহু । উৰুকালৈ মাজত মাত্ৰ এটা দিন বাকী আছে । ভোগালীক আদৰাৰ বাবে সমগ্ৰ ৰাজ্যবাসী ব্যস্ত হৈ পৰিছে । গ্ৰামাঞ্চলৰ সমান্তৰালকৈ নগৰাঞ্চলবোৰতো মাঘ বিহুৰ প্ৰস্তুতি দেখা গৈছে । যান্ত্ৰিকাৰ মাজতো বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ সাজু হৈছে গুৱাহাটীৰ লগতে ৰাজ্যৰ নগৰাঞ্চলৰ বাসিন্দাসকল ।

যোৱা কিছু দিন ধৰি কংক্ৰীটৰ মহানগৰ গুৱাহাটীত ভোগালী ব্যতিক্ৰমী বজাৰ দেখা গৈছে । মহানগৰীৰ বজাৰত পিঠা-পনাৰ সমান্তৰালকৈ সৰু-বৰ মেজিও উপলব্ধ হৈছে । মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ পৰা খেৰ, নৰা, বাঁহ আনি একাংশ লোকে প্ৰস্তুত কৰিছে মেজি আৰু সেইবোৰ বিক্ৰী কৰা হৈছে । ৩০০ টকাৰ পৰা ৫০০০ টকা পৰ্যন্ত দৰত একোটা মেজি বিক্ৰী কৰিছে বিক্ৰেতাসকলে । মেজি প্ৰস্তুত কৰিব নোৱাৰা মহানগৰবাসীয়ে বিক্ৰেতাসকলৰ পৰা পছন্দৰ মেজিটো ক্ৰয় কৰি লৈ গৈছে আৰু বিহুৰ পৰম্পৰা ৰক্ষাৰ চেষ্টা কৰিছে ।

লগতে পঢ়ক :বৰপেটাত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.