thumbnail

By

Published : Mar 12, 2023, 11:07 AM IST

ETV Bharat / Videos

Bharat Janvigyan Jatha: জনসচেতনতা সৃষ্টিৰ লক্ষ্যৰে ৰঙিয়াত ভাৰত জনবিজ্ঞান জাঠাৰ আৰম্ভণি

ৰঙিয়া, 12 মাৰ্চ : জনসাধাৰণক কলাৰ মাধ্যমেৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ক্ষেত্ৰত জনসচেতনতা সৃষ্টিৰ লক্ষ্যৰে ৰঙিয়াত শনিবাৰে মুকলি কৰা হয় ভাৰত জনবিজ্ঞান জাঠাৰ । ৰঙিয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এই সজাগতা অনুষ্ঠানৰ ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে সমবেত ছাত্র-ছাত্ৰী সকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় (Awareness programme at Rangia college)। 

মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড৹ হিতেশ বৰ্মনৰ পৰিচালনাত অনুষ্ঠিত হয় সচেতনামূলক অনুষ্ঠানটো ৷ অনুষ্ঠানটোত ভাৰতীয় জন বিজ্ঞান জাঠাৰ সম্পাদক ড৹ মনোজ কুমাৰ পাটোৱাৰী, ত্ৰিগুণা ৰঞ্জন শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে । ইফালে নাট, মুকাভিনয়কে ধৰি বিভিন্ন কলাত্মক কাৰ্যসূচীৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সফল প্ৰয়োগৰ লক্ষ্যৰে আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷ এই কাৰ্যসূচীৰ জৰিয়তে সমাজত প্ৰচলিত অন্ধবিশ্বাস দূৰীকৰণৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ আশা ব্যক্ত কৰে উদ্যোক্তাসকলে (Bharat jan Vigyan jatha at Rangia) ।

লগতে পঢ়ক : Eviction drive in Silsako beel : জিঞ্জাৰ হোটেলৰ লগতে উচ্ছেদ হ’বনে জয়ন্ত মল্ল বৰুৱাৰ পিতৃৰ নামত নিৰ্মিত পথ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.