Bhaona at Teok : 82 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি বিহুৰ দিনটোত ভাওনা প্ৰদৰ্শন

🎬 Watch Now: Feature Video

thumbnail

সমূহ অসমীয়াই আজি মেজি প্ৰজ্বলন কৰি নেদেখাজনৰ ওচৰত সেৱা লৈছে (Magh Bihu 2023)। কিন্তু কিছু ব্যতিক্ৰমী দেখা গ’ল টীয়কৰ হাতীগঁড় নাওশলীয়া গাঁৱৰ বুঢ়া নামঘৰত (Teok Naosalia Burha Naghar)। উক্ত নামঘৰত বিগত ৮২ বছৰে পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনটোত গাঁওবাসীয়ে মেজি প্ৰজ্বলন কৰাৰ পাছত অঞ্চলটোৰ শিশুসকলক লৈ গুৰু দুজনাৰ অনুপম সৃষ্টি ভাওনা প্ৰদৰ্শন কৰি আহিছে ৷ ব্যতিক্ৰম নহ'ল এইবাৰো ৷

বিগত বছৰৰ দৰে এইবাৰো বিহুৰ দিনটোত ঘোঁৰাসুৰৰ মুক্তিলাভ নামৰ ভাওনা প্ৰদৰ্শন কৰা হয় (Bhaona on Magh Bihu)৷ যাৰ বাবে গাঁওবাসী উৎফুল্লিত হৈ পৰা দেখা যায় ৷ ইপিনে এই বিশেষ দিনটোত গাৱঁৰ পৰা কৰ্মসূত্ৰে বাহিৰত থকাসকলো আহি এই ঐতিহাসিক ভাওনা প্ৰদৰ্শনৰ অংশীদাৰ হয় ।

লোকবিশ্বাস অনুসৰি এই ভাওনা অনুষ্ঠিত নকৰিলে গাওঁবাসীৰ অমংগল হ’ব পাৰে ৷  সেয়ে গাঁওবাসীয়ে পূৰ্বৰ পৰম্পৰা অটুত ৰাখি আজি ৮২ বছৰে এই মহোৎসৱ উদযাপন কৰি আহিছে আৰু অনাগত দিনবোৰতো এইদৰে অনুষ্ঠিত কৰি যাব বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে ৷ এই পৰিবেশে উঠি অহা প্ৰজন্মক ভাওনা সংস্কৃতিৰ তথা গুৰু দুজনাৰ সৃষ্টিৰাজিৰ প্ৰতি আকৰ্ষিত কৰিব বুলি মন্তব্য কৰিছে সকলোৱে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.