Bhaona performed: শিশু শিল্পীৰ দ্বাৰা প্ৰদৰ্শিত ’একলব্যৰ গুৰু দক্ষিণা’ই মোহিলে সৰুপথাৰবাসীক - শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি অংকীয়া নাট
🎬 Watch Now: Feature Video
Published : Oct 30, 2023, 2:04 PM IST
সৰুপথাৰ, 30 অক্টোবৰ: সৰুপথাৰৰ 2 নং টেঙাহোলা গাঁৱৰ নামঘৰত শিশু শিল্পীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় মাতৃভাষাৰ ভাওনা । "একলব্যৰ গুৰু দক্ষিণা" নামৰ নাটখন অনুষ্ঠিত হয় দেওবাৰে নিশা টেঙাহোলা নামঘৰত । ডিম্পল ফুকনৰ পৰিচালনাত প্ৰদৰ্শিত হোৱা ভাওনাৰ দলটিৰ কণ কণ শিশুসকলৰ দুৰ্দান্ত অভিনয়ে মুহিত কৰিলে দৰ্শকক ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি অংকীয়া নাট তথা সহাপুৰুষীয়া সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে । শিশুসকলক ভাওনাৰ লগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যৰে শিশু শিল্পীসকলৰ দ্বাৰা মঞ্চস্থ কৰা হয় "একলব্যৰ গুৰু দক্ষিণা" নামৰ নাটখন । মহাভাৰতত কিদৰে ধনুৰ্বিদ্যা অৰ্জন কৰিবলৈ গৈ একলব্যই গুৰুক দক্ষিণা হিচাপে নিজৰ আঙুলি দিবলগীয়া হৈছিল তাৰেই বৰ্ণনা কৰা নাটখনৰ যোগেদি ৷
মাতৃভাষাৰ মাধ্যমত মঞ্চস্থ কৰা হৈছে "একলব্যৰ গুৰু দক্ষিণা" নামৰ নাটখন ।