Bhaona performed: কলিয়াবৰত জৰাসন্ধ বধ ভাওনা প্ৰদৰ্শন - Bhauna performed
🎬 Watch Now: Feature Video


Published : Oct 21, 2023, 4:08 PM IST
কলিয়াবৰ,২১ অক্টোবৰ: কলিয়াবৰত অনুষ্ঠিত কৰা হয় শ্ৰীশ্ৰী বৰভকতি সত্ৰৰ সত্ৰাধিকাৰৰ অভিষেক উৎসৱ । বৃহস্পতিবাৰে ঐতিহ্যমণ্ডিত কলিয়াবৰৰ মহিমামণ্ডিত শ্ৰীশ্ৰী বৰভকতি সত্ৰৰ ২২ সংখ্যক সত্ৰাধিকাৰ ৰূপে সত্ৰৰ ধৰ্মাধিকাৰৰ আসনত অধিষ্ঠিত কৰে ধীৰেন চন্দ্ৰ মহন্তক । সত্ৰৰ পৰম্পৰা অনুসৰি নৱ-অভিষিক্ত সত্ৰাধিকাৰ ধীৰেন চন্দ্ৰ মহন্তই চন্দ্ৰকান্ত মহন্তক ডেকা সত্ৰাধিকাৰৰ নিৰ্মালি প্ৰদান কৰি অভিষেক কৰে ।
এই অভিষেক অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰূপায়ণ কৰা হয় বহু কেইটা কাৰ্যসূচী । সত্ৰাধিকাৰ অভিষেক অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা হয় এখনি পুস্তিকা । পুস্তিকাখন উন্মোচন কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নৱীন বৰঠাকুৰে । সত্ৰাধিকাৰ অভিষেক উৎসৱ উপলক্ষে শুকুৰবাৰে নিশা পৰিৱেশন কৰা হয় অঙ্কীয়া শৈলীৰ 'জৰাসন্ধ বধ' নাট । ভাওনাখনি উপভোগ কৰি আপ্লুত হৈ পৰে দৰ্শকসকল ।
লগতে পঢ়ক: Manipuri Puja held in Hojai : হোজাইত ইমা পান্হোইৱী পূজাৰ বাবে ব্যস্ত মণিপুৰী সমাজ