Bhaona in Majuli lands in controversy: মাজুলীত গুৰু দুজনাৰ অমৰ সৃষ্টিক বিকৃতকৰণ ! - মাজুলী
🎬 Watch Now: Feature Video

মাজুলী,18 জুলাই: সংস্কৃতিৰ আধুনিকীকৰণৰ নামত কি চলিছে মাজুলীত ! গুৰুজনাৰ অমৰ সৃষ্টিক মনোৰঞ্জন আৰু আধুনিকীকৰণৰ নামত একাংশ সংস্কৃতিবানে বিকৃত কৰিছে নেকি ! সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত এইবাৰ ভাওনাৰ মাজতে প্ৰদৰ্শন কৰা বিশেষ দৃশ্যক লৈ সৃষ্টি হৈছে প্ৰশ্ন ৷ শংকৰ-মাধৱ গুৰু দুজনাৰ যি অনুপম সৃষ্টি সেয়া সুন্দৰ আৰু শুদ্ধ ভাবে উপস্থাপন কৰাটো প্ৰতিজন লোকৰে দায়িত্ব । কিন্তু ভাওনাৰ নামত বহুৱালিৰ চূড়ান্ত সীমা পাৰ কৰিছে একাংশই । হাজাৰ হাজাৰ লোকৰ সেৱাস্থলী নামঘৰত চাইকেল চলাই প্ৰৱেশ কৰিলে বহুৱাই । এই ঘটনা সংগঠিত হৈছে মাজুলীৰ পতিয়া গাঁৱৰ নামঘৰত । ভাওনাৰ মাজতে হাস্যৰস দিবলৈ নামঘৰৰ ভিতৰত চাইকেল চলালে বহুৱাই ৷
ভাওনাত হাস্যৰস দিয়াৰ নামত এনেদৰে নামঘৰত চাইকেল চলাই যোৱাটো দুৰ্ভাগ্যজনক আখ্যা দি বিভিন্ন জনে সমালোচনা কৰিছে । সামাজিক মাধ্যমত বিশেষ দৃশ্য ভাইৰেল হোৱাৰ পাচতে প্ৰশ্ন উঠিছে কোনে এই ধৰণৰ কামক প্ৰেৰণা যোগালে !
লগতে পঢ়ক:Ranoj pegu on Ali Alye Ligang: আলি আয়ে লৃগাং কোনো কাৰণত মেলামুখী হ’ব নোৱাৰিব- ৰণোজ পেগু