thumbnail

By

Published : Jan 6, 2023, 3:16 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Bhanu Samiti Golden Jubilee: কলিয়াবৰত ভানু সমিতিৰ সোণালী জয়ন্তী উদ্বোধন সাংসদ গৌৰৱ গগৈৰ

শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ ঔগুৰিত আৰম্ভ হৈছে কলিয়াবৰ গোৰ্খা সমাজৰ ভানু সমিতিৰ সোণালী জয়ন্তী উৎসৱ (Golden Jubilee of Kaliabor Bhanu Samiti) । বর্ষজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা সোণালী জয়ন্তী উৎসৱৰ এই সামৰণী অনুষ্ঠান তিনিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । সাংসদ পুঁজিৰে নিৰ্মিত ভানু সমিতিৰ সোণালী জয়ন্তী তোৰণখনি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে অনুষ্ঠানিকভাৱে উন্মোচন কৰি উৎসৱৰ শুভাৰম্ভ কৰে (MP Gaurav Gogoi inaugurating golden jubilee) । তোৰণ উন্মোচনৰ পাছতে কলিয়াবৰৰ পঞ্চাশগৰাকী বিশিষ্ট ব্যক্তিয়ে সোণালী জয়ন্তী উৎসৱৰ পঞ্চাশখনি পতাকা উত্তোলন কৰে । সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ মঞ্চও আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সাংসদ গৌৰৱ গগৈয়ে (Gaurav Gogoi at Bhanu Samiti golden Jubilee) ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.