Bhagwat Path in Silapathar: চিলাপথাৰত ভাগৱত পাঠ অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 10:59 PM IST

thumbnail

জোনাই,২৫ আগষ্ট: চিলাপথাৰ সাৰ্বজনীন কালি মন্দিৰত বিগত বর্ষৰ দৰে এইবাৰো যোৱা ২১ আগষ্টৰ পৰা ২৮ আগষ্টলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ভাগৱত পাঠ অনুষ্ঠানৰ । ১০০৮ শ্ৰী শ্ৰীপ্ৰাণকৃষ্ণ দাস বাবাজীৰ কৃপাপ্ৰাপ্ত ১০৮ শ্ৰী শ্ৰী কৃষ্ণ দাস গোস্বামী মহাৰাজক বৃন্দাবনৰ পৰা আমন্ত্ৰণ কৰা হয় উক্ত অনুষ্ঠানলৈ ।  

উল্লেখযোগ্য যে প্ৰতিনিশা মহাৰাজগৰাকীয়ে ভাগৱত পাঠ আৰু ইয়াৰ ব্যাখ্যা আগবঢ়োৱাৰ উপৰিও আধ্যাত্মিক চিন্তা-চৰ্চাত উদ্বুদ্ধ হৈ পিতৃ-মাতৃৰ প্ৰতি ভক্তি ভাৱনাৰ লগতে সনাতন হিন্দু ধর্মৰ প্ৰতি উঠি অহা প্ৰজন্মক মনোগ্ৰাহী হোৱাকৈ দিয়া প্ৰবচন শুনিবলৈ বৃহত্তৰ অঞ্চলটোৰ সৰু-বৰ সকলো বয়সৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে মাজনিশালৈ ভিৰ কৰা পৰিলক্ষিত হয় । উদ্যোক্তাসকলে সংবাদ মাধ্যমক জনোৱা অনুসৰি বিশ্ব শান্তিৰ বাবে মন্দিৰ প্ৰাঙ্গনত বিগত ২৫ বছৰ ধৰি ভাগৱত পাঠ কৰি আহিছে ।

উল্লেখ্য যে বিগত বর্ষৰ পৰাই পবিত্ৰ ভাদ মাহৰ প্ৰথম সপ্তাহত এইদৰে বৃন্দাবনৰ পৰা ১০৮ শ্ৰী শ্ৰী কৃষ্ণ দাস গোস্বামী মহাৰাজক আমন্ত্ৰণ কৰি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰি আহিছে উদ্যোক্তাসকলে । অনুষ্ঠানৰ অন্তিম দিনা তথা ২৮ আগষ্ট দিনৰ ১ বজাৰ পৰা বিয়লি ৫ বজালৈ ভক্তপ্ৰাণ ৰাইজৰ বাবে মহা প্ৰসাদ বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Student missing: তৈল নগৰীত 5 দিন ধৰি সন্ধানহীন এগৰাকী ছাত্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.