Bhabesh Kalita Slams Bhupen Bora: লোকসভা নিৰ্বাচনৰ ফলাফলে নিৰ্ণয় কৰিব কংগ্ৰেছৰ স্থান; ভৱেশ কলিতা - ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 23, 2023, 4:57 PM IST

ৰঙিয়া, 23 ফেব্ৰুৱাৰী: সমাগত পঞ্চায়ত আৰু 2024 ৰ লোকসভা নিৰ্বাচন (Lok Sabha election 2024) ৷ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই এতিয়া তৎপৰ হৈ পৰিছে শাসক বিৰোধীৰ লগতে প্ৰতিটো ৰাজনৈতিক দল ৷ ইফালে নিৰ্বাচন সমাগত হ’লেই ৰাজ্যত আৰম্ভ হয় বোকা ছটিওৱাৰ ৰাজনীতি ৷

২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনক লৈ শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী কূটকৌশল আৰম্ভ কৰা দেখা পোৱা গৈছে ৷ দলীয় সমষ্টি সুৰক্ষিত কৰাৰ স্বাৰ্থত তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ লগতে প্ৰতিগৰাকী দলীয় কৰ্মীক ।

শেহতীয়াকৈ, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই তীব্ৰ কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক (Bhabesh Kalita Slams Bhupen Bora) ৷ ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতাই ৰঙিয়াৰ এটি অনুষ্ঠানত অংশগ্ৰহণ কৰি তীব্ৰ কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক (APCC President Bhupen Bora)।

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, "লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’লেই ৰাইজে গম পাব কংগ্ৰেছৰ স্থান ক’ত থাকে । ভূপেন বৰাই পৰ্বতৰ ওপৰত কাছৰ কণী বিচাৰি ফুৰিছে । মৰুভূমিত মৰীচিকা নহয় ৷" পৰ্বতৰ ওপৰত কাছৰ কণী বিচাৰি ফুৰিছে বুলি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে (Bhabesh Kalita criticized Bhupen Bora)।

দুদিন পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ভৱিষ্যদ্বাণী কৰিছিল যে, ২০২৪ ত বিজেপি আৰু এ আই ইউ ডি এফৰ হাতত থকা ডিব্ৰুগড়, ধুবুৰী আৰু গুৱাহাটী দখল কৰিব কংগ্ৰেছে । লগতে সভাপতি ভূপেন বৰাৰ দাবী কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ, নগাঁও আৰু বৰপেটা পুনৰবাৰ নিজৰ হাতলৈ আনিব কংগ্ৰেছে ।

তাৰ পিচতে ৰঙিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভৱেশ কলিতাই কয়, "যদি গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছ জয়ী হয় তেন্তে ভাল কথা । বিজেপিয়ে বেয়া নাপায় । যদি সঁচাই কংগ্ৰেছ দলে গুৱাহাটী লোকসভা সমষ্টি দখল কৰিব পাৰে তেন্তে শুভেচ্ছা দিছোঁ কংগ্ৰেছ দলক ।"

লগতে পঢ়ক: Bhabesh Kalita Slams congress: এইবাৰ ধুবুৰী সহিতে 14 খন আসনেই পাব বিজেপিয়ে; ভৱেশ কলিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.