Beauty of Fagun: চঞ্চল ফাগুনত নিগৰিছে গীত-কবিতা

🎬 Watch Now: Feature Video

thumbnail

বাইহাটা,২০ ফ্ৰেব্ৰুৱাৰী: সৰাপাতৰ চিঠি বিলাই ধূলিয়ৰি বাটেৰে আহিল ফাগুন । উতলা ফাগুন । উন্মনা ফাগুন । এই ফাগুনৰ আছে এটা সুকীয়া সৌন্দৰ্য । সেইবাবে চাগে ফাগুনৰ প্ৰশস্তি বন্দনা কৰাত কবি গীতিকাৰসকল ব্যস্ত হয় । ঋতু পৰিৱৰ্তনৰ নিয়ম মানি ধূলিয়ৰি বাটেৰে আহিল ফাগুন । ফাগুন মানেই যেন আকাশে-বতাহে সৰাপাতৰ মৃদু গুঞ্জন(Beauty of Fagun month) । পলাশ- শিমলুৰ প্ৰাণচঞ্চলা নাচোন । ইফালে ফাগুন আহিলে যদিও পাই হেৰুওৱাৰ বেদনাত মন উৰি গুচি যায় তৎসত্বেও ফাগুনেইতো আশাৰ ৰং চতিয়াই । কবি-সাহিত্যিকৰ কাপেৰে নিগৰিত হয় ন ন সৃষ্টি (Colour of Fagun) ।

প্ৰত্যাশাৰ পলাশৰঙী চিলা উৰুৱাই, বসন্তৰ আগলি বতৰা লৈ চিনাকি বাটেৰে আহিছে ফাগুন । সমাজৰ অসূয়া, অপ্ৰীতি দূৰ কৰিবলৈকে যেন এই ফাগুনতে বলিছে শান্তি- সম্প্ৰীতি আৰু সমৃদ্ধিৰ এচাতি পবিত্ৰ পছোৱা । শুষ্ক ডালত পথৰুৱা পছোৱাই সিঁচিছে সেউজীয়াৰ বীজ । সেই আশাৰেই ফাগুনক স্বাগতম জনাইছে কবি-সাহিত্যিকে (Beauty of assamese Fagun month in Baihata) ।

উতনুৱা ফাগুনত পলাশৰ ৰঙেৰে ৰাঙলী ডেকা গাভৰুৰ মন । ফাগুনৰ পছোৱাত বৈছে প্ৰেমৰ স্ৰোত । সৰাপাতৰ চিঠিখনে যেন বিলাইছে প্ৰেমৰ বতৰা । মন আকাশত উৰিছে প্ৰেমৰ নানাৰঙী চিলা । শ্বাশ্বত প্ৰেমৰ উম লৈ ফাগুনে খুলিছে শীতৰ আৱৰণ । ফাগুনৰ বতাহত বিয়পি পৰিছে প্ৰেমৰ বতৰা । ফাগুনে মন চঞ্চলা কৰাৰ সময়তে প্ৰেমাস্পদ বিনিময়ত ব্যষ্ট হৈ পৰিছে প্ৰেমিক প্ৰেমিকা । 

সৰাপাতে লিখা চিঠিবোৰত সপোন বিয়পিছে আবিৰ হৈ । নিস্তেজ ধৰাত ফাগুনী পছোৱাই বিলাইছে প্ৰেমৰ বতৰা । ধুলিয়ে সেউজত আবিৰ সানে । মদৰুৱা পাতবোৰ সৰিবলৈ লয় । ফাগুনৰ পছোৱাৰ পৰশত কুঁহিপাতক বাট এৰিছে মদৰুৱা পাতবোৰে । 

লগতে পঢ়ক: Beautiful view of Kaziranga: ফাগুন নমাৰ সমান্তৰালকৈ কাজিৰঙালৈ সোঁত বৈছে দেশী বিদেশী বহু পৰ্যটকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.