thumbnail

By

Published : Feb 19, 2023, 10:53 PM IST

ETV Bharat / Videos

Barpeta Satra press meet: মন্দিয়া কৱৰস্থানক সত্ৰই ভূমি হস্তান্তৰ কৰা সন্দৰ্ভত সত্ৰ সমিতিয়ে সংবাদমেল

বৰপেটা, ১৯ ফেব্ৰুৱাৰী: বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে মন্দিয়া কৱৰস্থানৰ নামত সত্ৰৰ ৫ বিঘা ভূমি সঁচাকৈ হস্তান্তৰ কৰিছে নেকি ? শেহতীয়াকৈ উত্থাপন হোৱা এই প্ৰশ্নক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ এই প্ৰতিক্ৰিয়াৰ মাজতে আজি সত্ৰ পৰিচালনা সমিতিয়ে এই সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত কৰে (Barpeta Satra press conference) ৷

সংবাদমেলত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক, সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাস প্ৰমুখ্যে সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকলে উপস্থিত থাকে ৷ সংবাদমেল সম্বোধন কৰি বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে কয়, "বৰপেটা সত্ৰই কবৰস্থানক ভূমি হস্তান্তৰ কৰাক লৈ সামাজিত মাধ্যম তথা সচেতন মহলত ব্যাপক চৰ্চা হৈছে ৷ মছজিদক ভূমিদান কৰা হৈছে বুলি প্ৰচাৰ কৰা হৈছে ৷ কিন্তু এয়া সম্পূৰ্ণ মিছা তথা ভিত্তিহীন কথা (Land transferred to Mandia cemetery by satra committee) ৷"

তেওঁ লগতে কয়,"মন্দিয়া জামে মছজিদ কমিটিয়ে পৰিচালনা কৰা কৱৰস্থানৰ বাবেহে বৰপেটা সত্ৰই ভূমি হস্তান্তৰ কৰিছে ৷ কোনো নতুন কৱৰস্থানৰ কাৰণে সত্ৰই ভূমিদান কৰা নাই ৷ বৰঞ্চ যি মাটি 2006 চনৰ পৰাই কৱৰস্থান হিচাপে আছে সেই মাটি ডোখৰেই হস্তান্তৰ কৰা হৈছে ৷ 2006 চনৰ পৰা 2023 চনলৈ সেই স্থানত শ শ লোকক কৱৰ দিয়া হৈছে ৷ গতিকে উক্ত মাটিডোখৰ অন্য কোনো কামৰ বাবে উপযোগী নহয় ৷"

তেওঁ লগতে কয়, "2018 চনৰ 16 ডিচেম্বৰত বৰপেটা সত্ৰৰ চৌহদত তদানীন্তন বুঢ়াসত্ৰীয়া প্ৰয়াত বশিষ্ঠ দেৱশৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এখন সভাত কৱৰস্থানৰ নামত ব্যৱহৃত মাটিডোখৰ কৱৰস্থান কৰ্তৃপক্ষক দান তথা হস্তান্তৰ কৰিব লাগে বুলি সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷ উক্ত প্ৰস্তাৱৰ ভিত্তিত তথা পূৰ্বৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰা সিদ্ধান্ত বৰ্তমানৰ পৰিচালনা কমিটিয়ে কেৱল কাৰ্যকৰীহে কৰিছে ৷"

সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাসে জনোৱা মতে বহু বছৰ পূৰ্বৰ পৰাই মন্দিয়া বজাৰত থকা বৰপেটা সত্ৰৰ ভূমিত কৱৰস্থান গঢ়ি তুলিছিল ৷ সত্ৰৰ অজ্ঞাতে কৱৰস্থান নিৰ্মাণৰ পিচত সত্ৰ সমিতিয়ে নিৰ্দিষ্ট কিছু চৰ্তৰ ভিত্তিত কৱৰস্থানৰ নামত সত্ৰৰ ৫ বিঘা ভূমি হস্তান্তৰ কৰা হৈছিল ৷ সত্ৰই বান্ধি দিয়া চৰ্ত অমান্য কৰিলে কৱৰস্থানক হস্তান্তৰ কৰা ভূমি পুনৰ সত্ৰই ঘূৰাই আনিব বুলিও উল্লেখ কৰে ডেকাসত্ৰীয়া গৌতম পাঠকে ৷

লগতে পঢ়ক: All India Education Health and Social Service Trust : সৰ্বসাধাৰণ ৰাইজৰ বাবে জীৱন ৰক্ষা ৩৬৫ কাৰ্ড

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.