thumbnail

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:17 AM IST

ETV Bharat / Videos

Bajali District Controversy: বৰপেটাবাসীৰ অসন্তুষ্টিৰ সমাধান সূত্ৰ মুখ্যমন্ত্ৰীক দিব বৰপেটা সত্ৰ সমিতিয়ে !

বৰপেটা, 4 ছেপ্টেম্বৰ : বৰপেটা জিলাৰ সৰভোগ, হাউলী, বৰপেটা ৰোড অঞ্চল কৰ্তন কৰি বজালীৰ সৈতে সংলগ্ন কৰা সন্দৰ্ভত বৰপেটাবাসীৰ অসন্তুষ্টি সম্পৰ্কে দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰৰ প্ৰতিনিধি দলৰ সৈতে আলোচনাৰ প্ৰসংগত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়াৰ সংবাদমেল ৷ বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকৰ নেতৃত্বত যোৱা ১২ জনীয়া প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাক ইতিবাচক বুলি প্ৰকাশ সংবাদমেলত ৷

সত্ৰ সমিতিয়ে জনোৱা অনুসৰি, সমস্যাটোৰ এটা সৰ্বসন্মত সমাধান সূত্ৰ উলিয়াবলৈ মুখ্যমন্ত্ৰীয়ে বৰপেটা সত্ৰক অৰ্পণ কৰিছে দায়িত্ব ৷ বিশেষকৈ ভৱানীপুৰ-সৰভোগ সমষ্টিবাসীৰ সৈতে আলোচনাৰ জৰিয়তে সত্ৰক সমাধানৰ পথ উলিওৱাৰ দায়িত্ব অৰ্পণ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ 

যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত সমষ্টিটোৰ ৰাইজে যাতে বৰপেটা সত্ৰক দোষাৰোপ কৰিব নোৱাৰে তাৰ বাবে সত্ৰ সমিতিৰ লগতে আন আন দল সংগঠনসমূহে নিজ নিজ ক্ষেত্ৰত সমষ্টিবাসীৰ সৈতে আলোচনাৰ জৰিয়তে বৰপেটা জিলাত থকাৰ সন্মতি আদায়ৰ চেষ্টা চলাব ৷ এই মন্তব্য বৰপেটা সত্ৰ সমিতিৰ ৷

লগতে পঢ়ক:Mahapurush Madhabdev Tithi: বৰপেটা সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে কীৰ্তন মহোৎসৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.