Satra Land Enchrochment in Barpeta : সংবাদমেল যোগে অভিযুক্ত বিজেপি নেতাৰ চাফাই

🎬 Watch Now: Feature Video

thumbnail
বৰপেটাৰ মুকুট ৰঞ্জন দাস নামৰ এজন বিজেপি নেতাৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে সত্ৰৰ মাটি বেদখলৰ অভিযোগ (Satra Land Enchrochment in Barpeta)৷ এইছ আৰ ডি এছ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মুৰব্বী তথা স্থানীয় বিজেপি নেতা মুকুট ৰঞ্জন দাসে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত দেওবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে গণককুঁছি সত্ৰ(Ganakkuchi Satra Barpeta) পৰিচালনা সমিতিয়ে উত্থাপন কৰা অভিযোগ খণ্ডনৰ চেষ্টা চলায় ৷ সংবাদমেলত তেওঁ জনোৱা অনুসৰি স্বেচ্ছাসেৱী সংগঠনটোৰ নামত একেটা দাগৰ ৫ বিঘা মাটি বিচাৰি ২০০০ চনতে চৰকাৰৰ ওচৰত আবেদন জনোৱা হৈছিল ৷ ইয়াৰে ১ বিঘা মাটি ২০১০ চনত অনুষ্ঠিত এল এ চি বোৰ্ডৰ সভাই অনুমোদন জনোৱা বুলি তেওঁ দাবী কৰে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.