Banned chemicals to used to ripe bananas: বজাৰত উপলব্ধ নিষিদ্ধ কেমিকেল ব্যৱহৃত পকা কল

By

Published : Jul 28, 2023, 6:39 PM IST

thumbnail

গুৱাহাটী ২৮ জুলাই: শুই উঠি পুৱাৰ আহাৰত খোৱা কলটো বাৰু কিমান স্বাস্থ্যসন্মত ! আপোনাৰ যদি পুৱাৰ আহাৰত কল খোৱাৰ অভ্যাস আছে আজিয়ে ত্যাগ কৰক । কিয়নো কলৰ নামত আপুনি খাই আছে বৰবিহ । শেহতীয়াকৈ সেই কথাই পোহৰলৈ আহিছে হাতীগাঁৱৰ এটা কলৰ গুদামৰ পৰা । বিলাহী পকোৱা নিষিদ্ধ কেমিকেল ব্যৱহাৰ কৰি কল পকোৱা হৈছে হাতীগাঁৱৰ ফ্ৰেণ্ডছ পথত থকা এটা কলৰ গুদামত । এই কথা কেমেৰাৰ সম্মুখত স্বীকাৰ কৰিছে গুদামৰ কৰ্মচাৰীয়ে ।

কেঁচাকল ৬০ ঘণ্টাৰ ভিতৰতে কেমিকেল ব্যৱহাৰ কৰি পকাই বিক্ৰী কৰা হয় বজাৰত । ফ্ৰেণ্ডছ পথৰ ভাৰাঘৰটোত থকা গুদামটোত প্ৰতিদিনে হাজাৰ হাজাৰ আখি কল নিষিদ্ধ কেমিকেল ব্যৱহাৰ কৰি পকাই ঠেলা গাড়ীসমূহত মহানগৰীৰ বিভিন্ন স্থানৰ বজাৰলৈ মেলি দিয়া হয় । সেই কলসমূহ সাধাৰণ ৰাইজে বজাৰৰ পৰা কিনি আনি খায় । ফলত জনতাৰ মাজত দেখা দিয়ে বিভিন্ন ৰোগে ।

ইফালে এইক্ষেত্ৰত কাণসাৰ নাই খাদ্য সুৰক্ষা বিভাগৰ । ধোঁৱা চাঙত খাদ্য সুৰক্ষা বিভাগৰ নিৰ্দেশনা । তাৎপৰ্যপূৰ্ণভাৱে বিভিন্ন সময়ত খাদ্য সুৰক্ষাক লৈ মহানগৰীত GMC য়ে  চলোৱা অভিযানত ধৰা নপৰাকৈ চলি আছে এই কাৰবাৰ ৷ এতিয়া প্ৰশ্ন হৈছে কিমান দিনলৈ এনেকৈ কেমিকেল ব্যৱহাৰ কৰা কল জনসাধাৰণক খুৱাব এইসকল দুষ্ট চক্ৰই ? খাদ্য সুৰক্ষা বিভাগে এই ক্ষেত্ৰত ল’বনে কিবা ব্যৱস্থা ?

লগতে পঢ়ক: Unhygienic food in Golaghat : সুস্বাদু খাদ্যৰ নামত Hasty Tasty ৰেষ্টুৰেন্টে বিলাইছে বহবিহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.