নলবাৰীত আত্মসহায়ক গোটক ঋণ প্ৰদান - Lending to Self Help Groups
🎬 Watch Now: Feature Video


Published : Dec 17, 2023, 9:36 AM IST
নলবাৰী,১৭ ডিচেম্বৰ: নলবাৰী জিলাৰ মুকালমুৱাত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান নলবাৰীৰ উদ্যোগত আত্মসহায়ক গোটক বেংক ঋণ প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত হয় । বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ চৌহদত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত আত্মসহায়ক গোটক বেংক ঋণৰ চেক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই । শনিবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মুঠ ৩৪৪ টা আত্মসহায়ক গোটক বেংক ঋণ প্ৰদান কৰে ।
অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ বেংক ঋণ প্ৰদান অনুষ্ঠানটোত আত্মসহায়ক গোটকসমূহক প্ৰায় ৩৩ কোটি ৭৫ লাখ টকাৰ বেংক ঋণৰ চেক প্ৰদান কৰে । একেটা অনুষ্ঠানতে ঋণ লোৱাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা কেইবাটাও বেংক বিষয়াক সম্বৰ্ধনা জনায় অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কৰ্তৃপক্ষই । বেংক ঋণ প্ৰদান অনুষ্ঠানটোত জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ লগতে উপস্থিত থাকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নলবাৰী জিলা প্ৰকল্প বিষয়া চন্দন তালুকদাৰ, বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কৌস্তৱ ৰয়কে আদি কৰি আত্মসহায়ক গোটৰ প্ৰায় ৫ শতাধিক মহিলাসদস্য ।
লগতে পঢ়ক: কয়দীবিহীন কাৰাগাৰৰ মাটিত চৰকাৰক উন্নয়ন মূলক আঁচনি গ্ৰহনৰ আহ্বান