Bamboo bridge in Dalgaon: বাঁহৰ সাঁকোৱে দিছে বিধি পথালি - Poor road communication in Dalgaon

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 19, 2023, 11:32 AM IST

দলগাঁও,১৯ আগষ্ট: স্বাধীনতাৰ সাতটা দশক অতিক্ৰম কৰাৰ পাছতো উন্নয়নৰ মুখ দেখা নাপালে দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী গাঁৱকে ধৰি কেইবাখনো ‌গাঁৱৰ বাসিন্দাই । ঢলং পলং বাঁহৰ সাঁকোখনৰে নিতৌ যাতায়ত কৰে শ্যামপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰৌমাৰী, পাগলাচৰ, ডিম্বুচৰ গাঁৱৰ শ শ পথচাৰিয়ে ।  

সাঁকোখনেৰে নিতৌ বিপদসংকুলভাৱে যাতায়ত কৰিবলগীয়া হয় কেইবাখনো গাঁৱৰ ৰাইজে । জৰাজীৰ্ণ সাঁকোখন পাৰ হ'বলৈ গৈ সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা । লক্ষ্যণীয় যে, যাতায়তৰ সু-ব্যৱস্থা নথকাৰ বাবে যুৱক-যুৱতীৰ বিবাহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে এইখন বাঁহৰ সাঁকোৱে ।  

ধনশিৰী নদীৰ পৰা ওলাই অহা খালখনৰ ওপৰত থকা বাঁহৰ সাঁকোখনৰ ঠাইত এখন কাঠৰ দলং নিৰ্মাণ হ'লে বৃহত্তৰ চৰাঞ্চলৰ ৰাইজৰ বাবে সুচল হ'ব যাতায়ত । কম খৰচতে কৃষক ৰাইজে বজাৰলৈ সৰবৰাহ কৰিব পাৰিব কেঁচা কৃষিজাত সামগ্ৰী । বিধায়ক মজিবুৰ ৰহমানক‌ আবেদন নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত গুৰুত্ব নিদিয়াৰ‌ অভিযোগ স্থানীয় ৰাইজৰ ‌‌। 

লগতে পঢ়ক: Controversy over land lease of Amguri Bhawan; আমগুৰিৰ উন্নয়নমূলক কাম-কাজত একাংশ লোকে বাধাৰ সৃষ্টি কৰি আহিছে : প্ৰদীপ হাজৰিকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.