Balidan divas observed: টিংখাঙত বলিদান দিৱস পালন - The first martyr of the Azad Hind Fauj

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 10:30 PM IST

টিংখাং,২৫ আগষ্ট: ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যতম সেনানী আছিল বীৰ মেজৰ দূৰ্গা মল্ল । নেতাজী সুভাষচন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ প্ৰথমগৰাকী শ্বহীদ আছিল মেজৰ দূৰ্গা মল্ল । শ্বহীদগৰাকীৰ মৃত্যু দিনটো আজি সমগ্ৰ দেশতে বলিদান দিৱস হিচাপে পালন কৰি আহিছে । টিংখাঙতো আজি দিনজোৰা কাৰ্যসূচীৰে ৮০ সংখ্যক বলিদান দিৱস পালন কৰা হয় ।  

অসম গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত, বাংলাবাৰী শাখা সমিতিৰ আতিথ্যত আৰু মহিলা প্ৰকৌষ্ট জিলা সমিতি তথা জিলাৰ অন্তৰ্গত সকলো শাখা সমিতিৰ সহযোগত টিংখাং বাংলাবাৰীৰ প্ৰয়াত সভাপতি জয় নাৰায়ণ নেৱাৰ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয় বলিদান দিৱস কাৰ্যসূচী । অনুষ্ঠানত ভাৰতৰ স্বাধীনতা সংগ্ৰামত মেজৰ দূৰ্গা মল্লৰ অৱদান সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় ।  

অনুষ্ঠানত সদৌ অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ মান, কেন্দ্ৰীয় সমিতিৰ মহিলা সম্পাদিকা মীৰা তামাং আদিৰ লগতে জিলা আৰু আঞ্চলিক শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে । অনুষ্ঠানত গোৰ্খা সম্প্ৰদায়ৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীয় নৃত্য গীত পৰিৱেশন কৰা হয় ।

লগতে পঢ়ক: 7th Annual Foundation Day of SYCP: ড° কৰৱী ডেকা হাজৰিকালৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য বঁটা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.